মোৰাঝাৰঃ সোমবাৰে হোজাই জিলাৰ ডবকাত ভৰতীয় জাতীয় ছাএ ইউনিয়ন চমুকৈ এন এছ ইউ আইৰ হোজাই জিলা সমিতিৰ উদ্যোগত ৰক্তদান পঞ্জীয়ন শিবিৰ অনুষ্ঠিত হয়৷

হাজী আনফৰ আলী মহাবিদ্যালয়, মোৰাজাৰ মহাবিদ্যালয়, লংকা মহাবিদ্যালয়, উদালী সোনাই বিবি মহাবিদ্যালয়ৰ এন এছ ইউ আইৰ শাখা সমূহৰ নেতা-কৰ্মীয়ে উপস্থিত থাকি নিজৰ নিজৰ নাম ৰক্তদানৰ বাবে পঞ্জীয়ন কৰে৷

দুপৰীয়া ডবকা কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত হোৱা শিবিৰত উপস্থিত থাকে কংগ্ৰেছ নেতা ৰেহান উদ্দিন, এন এছ ৱাইৰ হোজাই জিলা সমিতিৰ সভাপতি মেহবুব আলম বৰভুঞাৰ লগতে বহু গণ্যমান্য লোক৷ শিবিৰত প্ৰায় তিনিশ লোকে ভৱিষ্যতে ৰক্তদান কৰাৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰা বুলি এন এছ ৱাইৰ নেতা মেহবুব আলম বৰভুঞাই জানিবলৈ দিয়ে৷