কোকৰাঝাৰঃ ৰক্তদান মহৎ দান৷ তেজ দান কৰি কাৰোবাৰ জীৱন ৰক্ষা কৰাটোৰ সমান মহান কাম হয়তো আন একো হব নোৱাৰে৷ এই মহান উদ্দেশ্য আগত ৰাখিয়েই কোকৰাঝাৰৰ বালাজান তিনালী স্মাইল ৱেলফায়াৰ চচাইটিৰ উদ্যোগত দেওবাৰে কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বালাগাঁও প্ৰাথমিক বিদ্যালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। 

ৰক্তদান শিবিৰত আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়কে ধৰি বালাজান তিনালী অঞ্চলৰ বহু সংখ্যক যুৱক-যুৱতীয়ে স্বেচ্ছাই ৰক্তদান কৰে। ৰক্তদান শিৱিৰতে বিনামুলীয়া স্বাস্থ্য সেৱা শিবিৰৰো অনুষ্ঠিত হয়। 

কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ৰ চিকিৎসক এচ ৰহমানকে ধৰি স্বাস্থ্যকৰ্মীৰ দল এটাই ৰক্তদান শিবিৰ পৰিচালনা কৰে। ৰক্তদান শিবিৰত সৰ্বমুঠ ৩০ ইউনিট তেজ সংগ্ৰহ কৰা হয়। 

বালাজান তিনালী স্মাইল ৱেলফায়াৰ চচাইটিৰ সভাপতি বাৰুক হুছেইনে সংবাদমাধ্যমৰ আগত স্বেচ্ছাই ৰক্তদানৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি সমাজত এতিয়াও স্বেচ্ছাই ৰক্তদান সন্দৰ্ভত সজাগতাৰ অভাৱ আছে বুলি মন্তব্য প্ৰকাশ কৰিছে। ৰক্তদানে এগৰাকী লোকক জীৱন দান দিব পাৰে বুলি উল্লেখ কৰি বাৰুক হুছেইনে প্ৰতিগৰাকী সুস্থ সবল ব্যক্তিক স্বেচ্ছাই ৰক্তদান কৰিবলৈ আহ্বান জনায়।