বঢ়মপুৰঃ মৃৃ্ত্যুদূত ব্লু-হোৱেল এতিয়া শিপাইছে অসমতো৷ কিশেৰ-কিশোৰীসকলক লক্ষ্য হিচাপে লৈ ব্লু-হোৱেলে মাতিছে সৰ্বনাশ৷ তেজপুৰ, কামৰূপৰ পাছত এইবাৰ নগাওঁ জিলাৰ চামগুৰি বৰমাত সৃষ্টি হ’ল নীলা তিমিৰ আতংক৷

CLICK ► Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

চামগুৰিৰ বৰমাৰ ভগামুৰ এম.ই মাদ্ৰাছাৰ সপ্তম শ্ৰেণীৰ এজন ছাত্ৰ আক্ৰান্ত হ’ল এই সৰ্বনাশী খেলত৷ ছাত্ৰজনে ইতিমধ্যে দুয়ো হাতত ব্লেডেৰে চিত্ৰ অংকনৰ চিন স্পষ্ট হৈ আছে। বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ তৎপৰতাত এই সমগ্ৰ ঘটনা পোহৰলৈ অহাত ততায়কৈ বুজাই বঢ়াই ছাত্ৰজনক গতালে পৰিয়ালৰ লোকক।

জানিব পৰা মতে, চামগুৰিৰ মোৱামাৰিৰ এজন সমনীয়াৰ সহযোগত কিছুদিন পূৰ্বৰে পৰা খেলি আহিছিল কালৰূপী ব্লু-হোৱেল। মাদ্ৰাছাখনৰ মেধাবী ছাত্ৰজনে ইতিমধ্যেই তিনিটাকৈ পৰ্য্যায় পাৰ কৰিছে। 

তদুপৰি খেলৰ নিয়ম অনুসৰি ছাত্ৰজনে ব্লেডেৰে দুয়ো হাত কাটি চিত্ৰ অংকনৰ চেষ্টা কৰাৰ বিষয়টোক কেন্দ্ৰ কৰি এতিয়া আতংকৰ মাজত দিন পাৰ কৰিছে ছাত্ৰজনৰ অভিভাৱক তথা শিক্ষক-শিক্ষয়ত্ৰী।

CLICK ►​ Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

ইফালে খেলটো খেলিবলৈ শিকোৱা মোৱামাৰিৰ আন জন যুৱকৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই অভিভাৱক তথা স্থানীয় ৰাইজে। আৰক্ষী তথা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিলেহে আনজন কিশোৰো নিশ্চিত বিপদৰ পৰা পৰিত্ৰাণ পাব বুলি এতিয়া চৰ্চা চলিছে সমগ্ৰ অঞ্চলটোত।