03
Sep
2017

মৰিয়নীঃ ৰাজ্যৰ ঠায়ে ঠায়ে ব্লু-হোৱেল আতংকই ত্ৰাসৰ সৃষ্টি কৰাৰ পাছত এইবাৰ নীলা তিমিৰ আতংক যোৰহাট চিনামৰাত। যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ এজনৰ হাতত নীলা তিমিৰ ছবি প্ৰত্যক্ষ কৰে স্কুলৰ শিক্ষকে।
লগে লগে স্কুল কৰ্তৃপক্ষই অভিভাৱকক অবগত কৰি যোৰহাট মেডিকেল কলেজত ভৰ্তি কৰে। বত্তৰ্মান চিকিৎসাধীন হৈ আছে ল’ৰাজন। নীলা তিমিৰ কাণ্ডত অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে৷