নগাঁও টাউনঃ বিশ্বব্যপী মাৰাত্মক ৰূপ ধাৰণ কৰা ব্লু-হোৱেল গেমটো ইতিমধ্যে অসমতো শিপাইছে৷ ব্লু-হোৱেল নামৰ এই মাৰাত্মক গেমটোৰ অপকাৰীতাৰ সম্পৰ্কে আজি নগাঁও জিলাৰ উপায়ুক্তৰ সভাকক্ষত এক বৈঠক অনুষ্ঠিত কৰা হয়।

বৈঠকখনত সভাপতিত্ব কৰে নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিঙে। বৈঠকত উপায়ুক্ত চমচেৰ সিঙে কয় যে ব্লু-হোৱেল গেম এবিধ মাৰাত্মক গেম। এই গেম ইন্টাৰনেটৰ জৰিয়তে কম্পিউটাৰ বা ম'বাইলত খেলা হয় আৰু গেমৰ শেষত খেলুৱৈ গৰাকীক বেয়াকৈ মানসিক ভাৱে গ্ৰাস কৰাৰ লগতে ভয়ানক পৰিস্থিতিলৈ ঠেলি দিয়ে।

CLICK ♦ Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

উপায়ুক্ত গৰাকীয়ে লগতে কয় যে, আমি আমাৰ উঠি অহা নৱ প্ৰজন্মক এই মাৰাত্মক খেল বিধৰ পৰা আঁতৰত ৰাখিব লাগিব আৰু অভিভাৱক সকলে নিজৰ সন্তানৰ ওপৰত নজৰ ৰাখিব লাগিব। আজিৰ এই বৈঠকত বিভিন্ন বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।

উপায়ুক্ত গৰাকীয়ে শিক্ষক-শিক্ষয়িত্ৰীসকলক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সকলৰ ওপৰত নজৰ ৰখাৰ ওপৰিও ছাত্ৰ-ছাত্ৰীসকলক এই খেলৰ ভয়াবহতাৰ বিষয়ে সজাগ কৰি তুলিবলৈ কয়। যদি এই ক্ষেত্ৰত কোনোৱে জিলা প্ৰশাসনক কোনো ভূক্তভোগীৰ বিষয়ে অৱগত কৰাব বিচাৰে তেনেহ'লে ১০৭৭ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনায়।

CLICK ♦​ Blue Whale গেম খেলাৰ মন... ইয়াত Click কৰক!

বৈঠকত উপস্থিত থাকে আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়, অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাস, দুলাল দেৱনাথ, বিশেষজ্ঞ চিকিৎসক আৰু বিভিন্ন বিভাগৰ বিষয়াসকল। অনাগত সময়ত এই বিষয়টো সন্দৰ্ভত অধিক সজাগতা সৃষ্টিৰ উদেশ্যৰে জিলাখনৰ বিভিন্ন স্থানত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জিলা উপায়ুক্তগৰাকীয়ে সদৰী কৰে৷