
ঢেকীয়াজুলিঃ এক শোকাবহ দুৰ্ঘটনাই কঁপাই তুলিলে আজি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ এখন চাহ বাগিছাক৷ চাহ বাগিচাৰ কলঘৰৰ আওপুৰনি মেচিনৰ যান্ত্ৰিক বিজুতিৰ ফলত বিস্ফোৰণ ঘটি শ্যামগুৰী চাহ বাগিচাত এজন কৰ্মচাৰীৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হোৱাকলৈ চাহ বাগিচা খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত লক্ষ্মী গ্ৰুপৰ শ্যামগুৰী চাহ বাগিচাৰ কৰ্তৃপক্ষৰ চৰম গাফলতিৰ বাবেই আজি পুৱাৰ ভাগত চাহ ফেক্টৰিৰ ভাপ ইঞ্জিনৰ যান্ত্ৰিক বিজুতি ঘটি ভয়ংকৰ বিস্ফোৰণ ঘটে৷ ফলত ইঞ্জিনৰ চালক কৰ্নজ্যোতি বৰগোঁহাই (৪৮) নামৰ এজন লোক নিহত হোৱাৰ লগতে আহত হৈছে ৬ গৰাকীকৈ চাহ শ্ৰমিক৷ শ্ৰমিক সকলে জনোৱা মতে ভাপ ইঞ্জিনটো বিগত এসপ্তাহ ধৰি একেৰাহে চলি আছিল৷
আজিও অান দিনৰ দৰে ইঞ্জিনৰ চালক কৰ্নজ্যোতি বৰগোঁহাই (৪৮) পুৱাৰ ভাগত কৰ্তব্যত যোগদান কৰে৷ ইয়াৰ পিছতেই হঠাৎ ভাপ ইঞ্জিনটো যান্ত্ৰিক বিজুতি হৈ প্ৰচণ্ড শব্দৰে বিস্ফোৰণ ঘটাত চালক কৰ্নজ্যোতি চিটিকি পৰাত গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত হয়৷ পিচত চিকিৎসালয়লৈ নিয়াৰ পথতে লোক জনৰ মৃত্যু হয়৷ ইপিনে ভাপ ইঞ্জিনটোৰ বিস্ফোৰণত সহকাৰী অনুপ মুণ্ডা (২৬), অজয় দিব্ৰুদৰং (২৭), সুৰেশ চাচনী (২৬), দীপক ৰাজগড়(২৭), দয়াবান তাঁতী(২৬), ৰাহুল মাহালি(২৭) গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷
উল্লেখ্য যে, চাহ বাগিচা খনৰ উক্ত ভাপ ইঞ্জিনটোৰ দ্বাৰা কেঁচা চাহপাত ভাপৰ জৰিয়তে সিদ্ধ কৰা হয়৷ বিস্ফোৰণটো ইমানেই ভয়ংকৰ আছিল যে ইয়াৰ ফলত ফেক্টৰীটোৰ গৃহ ধ্বংসপ্ৰাপ্ত হোৱাৰ লগতে কাষৰ বিভিন্ন আচবাবৰো বিস্তৰ ক্ষতিসাধন কৰে৷ ইফালে শ্যামগুৰী চাহ বাগিচাৰ কৰ্তৃপক্ষৰ গাফলতিৰ বাবে আজি বাগিচা খনত ভয়ংকৰ ঘটনা সংঘটিত হোৱাকলৈ শ্ৰমিক সকল ক্ষোভিত হৈ বাগিচাৰ কাৰ্যালয়ৰ সন্মূখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷
পিচত ঘটনাস্থলীত ঢেকীয়াজুলিৰ ৰাজহ চক্ৰ বিষয়া সাব্যসাচি কাশ্যপ আৰু থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষোভিত শ্ৰমিক সকল নিয়ন্ত্ৰণ কৰে৷ আনহাতে আজি পুৱাৰ ভাগত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ যুটিয়া সহকাৰি সম্পাদক নোৱাছ বাৰ্লা, উপ-সভাপতি মেলখাছ তপ্প, শোনিতপুৰ জিলাৰ সভাপতি অমৰজিৎ কেৰ্কেটা, ঢেকীয়াজুলি আঞ্চলিক আছাৰ সুৰেশ তাঁতী, আনন্দ তাঁতী উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে মৃতকৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷
শ্যামগুৰী চাহ বাগিচা কৰ্তৃপক্ষৰ গাফলতিৰ বাবে কৰ্মচাৰি, শ্ৰমিকে এনেধৰণৰ অনাকাংক্ষিত ঘটনাৰ সন্মূখীন হোৱাকলৈ কৰ্তৃপক্ষক জগৰীয়া কৰি মৃতকৰ পৰিয়াল আৰু আহত শ্ৰমিক সকলক ক্ষতিপুৰণ দিয়াৰ দাবী জনোৱাৰ লগতে প্ৰশাসনক ইয়াৰ এক তদন্তৰো দাবী জনায়৷ এই ঘটনাৰ পিছতেই আজি শ্যামগুৰী চাহ বাগিচাৰ চাহ শ্ৰমিক সকলে কৰ্মবিৰতি কৰা পৰিলক্ষিত হয়৷