14
Aug
2017

অভয়াপুৰীঃ বানৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী আৰু যোগীঘোপা থানাৰ অন্তৰ্গত যোগীঘোপাৰ চনাবাৰী দলঙৰ সমীপত এক নাওঁ দুৰ্ঘটনা সংঘটিত হয়।
প্ৰাপ্ত তথ্য মতে নাওঁ খন ঔ-ডুবীৰ পৰা যোগীঘোপা অভিমুখে আহি থকা অৱস্থাত নাওঁ খনৰ তলিত থকা ফুটাৰে পানী সোমাই যোৱাৰ ফলত নাওঁ ডুব যায়। সৌভাগ্যক্ৰমে নাওঁখনত থকা ১০ গৰাকী যাত্ৰী প্ৰাণৰ মমতাত সাতুৰি পাৰলৈ আহি প্ৰাণ ৰক্ষা কৰে।
ঘটনাটো সংঘটিত হোৱাৰ খবৰ পায়েই উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতি, মহকুমা প্ৰশাসনৰ বিষয়া, আৰক্ষী আৰু এন ডি আৰ এফৰ দল ঘটনা স্হলীত উপস্থিত হয়।
ইপিনে পানীত ডুব যোৱা নাওঁ খনৰ সন্ধানত এন ডি আৰ এফ ৱে অভিযান অব্যাহত ৰাখিছে আনপিনে এতিয়াও এই অঞ্চলটোৰ বিভিন্ন স্থানত টুলুঙা নাওঁৰে বিপদজনক ভাবে যাত্ৰা অব্যাহত ৰাখিছে।