পূব বৰপেটাঃ পৰম্পৰাগত নাও খেল চাবলৈ আহি একতাৰ ডোলেৰে বান্ধ খালে হিন্দু-মাুছলমান৷ বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত চেঙা চাউলখোৱা নৈত আজি এখন নাওখেল প্ৰতিযোগিতা অনুষ্ঠিত হয়।

নাওখেল চাবলৈ বিভিন্ন প্ৰান্তৰ প্ৰায় ১০ হাজাৰতকৈ অধিক দৰ্শকেৰে নৈৰ পাৰ ভৰি পৰে৷ ডাঙৰ নাওৰ প্ৰথম পুৰস্কাৰ লাভ কৰে জিলাখনৰ ভেৰা ভিঠা গাঁৱৰ ছাহানাজৰ দলে, দ্বিতীয় পুৰস্কাৰ লাভ কৰে ৰাজধানী এক্সপ্ৰেছে৷

সৰু নৌকাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে বৰভিঠাৰ সোনাৰ মদিনা, আনহাতে দ্বিতীয় পুৰস্কাৰ জয় কৰে বালিধাৰিৰ চেলিনা দলে। ডাঙৰ নাওৰ প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ আছিল ক্ৰমে ১০,০০১ টকা আৰু ৭,০০১ টকা। প্ৰতিযোগিতাত সৰ্বমুঠ ১৬ টা দলে অংশগ্ৰহণ কৰে৷