
তুলসীবাৰীঃ ২১ শতিকাত তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ যুগত মানুহে মঙল গ্ৰহৰ কথা চিন্তা কৰিবলৈ ধৰিছে৷ বিশ্বৰ আগশাৰীৰ দেশ সমূহে জনসাধৰনৰ কল্যানৰ বাবে ন’ ন’ আঁচনি ৰূপায়ণ কৰি আহিছে৷ কিন্তু আমাৰ দেশত তথা ৰাজ্যত মানুহে এসাজ ভাত, এটুপি বিশুদ্ধ পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে৷
অন্ন, বস্ত্ৰ, বাসস্থানৰ বাবে দিৰ দিনটো শ্ৰম কৰি পেট ভৰাই খাব নাপায়৷ দৰিদ্ৰৰ বাবে চৰকাৰে ৰূপায়ণ কৰা আঁচনি দৰিদ্ৰৰ ওচৰ আহি নাপায়৷ মধ্যভোগী, বিষয়া, আমোলাই লুটি-পুটি খায় চৰকাৰৰ আঁচনিৰ ধন৷ বাট-পথ, দলং আদি নিৰ্মাণৰ বাবে ৰাইজৰ কল্যাণৰ বাবে কাম নকৰে বিষয়া, কৰ্মচাৰী, তথা চৰকাৰে৷ যাৰ বাবে আজিও মৰণক শৰণ কৰি মানুহে আজিও যাতায়াত কৰিব লগা হয়৷
কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত তুলসীবাৰী অঞ্চলত নৈত দলং নথকাত ৰাইজে আজিও বিপদসংকুল ভাবে নাৱেৰে আহ-যাহ কৰিব লগা হয়৷ তুলসীবাৰীৰ জয়ন্তীপুৰ অঞ্চলৰ ৰাইজে যাতায়তৰ নামত দুৰ্ভোগ ভুগি আহিছে৷ হাতীমুৰা, বৰঘূলীকে ধৰি কেবাখনো গাঁৱৰ কৃষক চাকৰিয়াল, ব্যৱসায়ী আদিৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে দলঙৰ অভাৱত দুৰ্ভোগ ভূগিবলগীয়া হৈ আহিছে।
স্বাধীনতাৰ ৭১ বছৰৰ পাছতো কেইবাখনো চৰকাৰ গঠন হ’ল যদিও তুলসীবাৰীৰ জয়ন্তীপুৰত বৰলীয়া নৈৰ ওপৰত দলং নিৰ্মাণৰ কাৰণে কোনো এখন চৰকাৰ তথা জনপ্ৰতিনিধিয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি স্থানীয় লোকে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷ যাৰ বাবে অৰ্ধ শতাধিক গাঁৱৰ ৰাইজে অতি বিপজ্জনকভাৱে নাৱেৰে যাতায়ত কৰিবলৈ বাধ্য হৈছে৷ তুলসীবাৰীৰ জয়ন্তীপুৰত বৰলীয়া নৈৰ ওপৰত দলং নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ ৰাইজে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে৷