বোকাজানঃ অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি এলেকাৰ এটা পাৰ্কিং স্থানত হঠাতে দাওদাওকৈ জ্বলি উঠিল দুখন তেল পৰিবাহী টেংকাৰ৷ 

বোকাজান মহকুমাৰ মাজেদি চুবুৰীয়া ৰাজ্য নগালেণ্ডলৈ যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত খটখটি এলেকাৰ এটা পাৰ্কিঙত ৰখাই থোৱা অৱস্থাত তেল পৰিবাহী দুখন টেংকাৰত হঠাতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত বৃহৎ অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷ 

হঠাতে অগ্নিকাণ্ড সংঘটিত হোৱাত গাড়ী দুখন জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ লগতে সমগ্ৰ অঞ্চলটোৰ আকাশৰ বহু ওপৰলৈ ক’লা ধোঁৱাই ছানি ধৰে৷ ঘটনাস্থলীত বোকাজান অগ্নিনিৰ্বাপক বাহিনী ততাতৈয়াকৈ উপস্থিত হোৱাৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ অগ্নিনিৰ্বাপক বাহিনীৰো তৎপৰতাত ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰপৰা ৰক্ষা পৰে বৃহৎ অঞ্চলটো৷ 

উল্লেখ্য যে চুবুৰীয়া ৰাজ্য মণিপুৰত সঘনাই সংঘটিত হৈ থকা বিক্ষিপ্ত ঘটনাৰাজীৰ বাবে ৰাজ্যখনলৈ যোৱা তেল পৰিবাহী টেংকাৰসমূহ নিৰাপত্তা বেষ্টনীৰ মাজেৰে দুই-তিনি দিনৰ অন্তৰে অন্তৰে বোকাজানৰপৰা মণিপুৰলৈ প্ৰেৰণ কৰা হয়৷ এই টেংকাৰসমূহ নিৰাপত্তা বেষ্টনীৰ মাজেৰে মণিপুৰলৈ প্ৰেৰণ কৰিবৰ বাবে বোকাজান মহকুমাৰ খটখটি এলেকাত দুই-তিনি দিনৰ বাবে কেইবাটাও পাৰ্কিঙত ৰখাই থোৱা হয়৷

এই পাৰ্কিংসমূহৰ সুবিধা লৈয়ে এচাম অসাধু ব্যৱসায়ীয়ে নিশাৰ ভাগত টেংকাৰসমূহৰপৰা তেল চুৰি কৰি অহা অভিযোগ দীৰ্ঘদিনীয়া৷ স্থানীয় ৰাইজে আজিৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱা টেংকাৰ দুখনৰ কাষতে থকা এটা গৃহৰপৰা এই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি কোৱাৰ লগতে উক্ত গৃহটোত টেংকাৰ সমূহৰপৰা চুৰি কৰা তেল মজুত কৰি থোৱাৰো সন্দেহ প্ৰকাশ কৰে৷ 

উল্লেখ্য যে অগ্নি সংযোগ হোৱা টেংকাৰ দুখন সম্পূৰ্ণৰূপে জুইত জাহ যায় যদিও পাৰ্কিঙটোত থকা অন্য চাৰিখন টেংকাৰ সৌভাগ্যক্ৰমে ঘটনাস্থলীৰপৰা ওলাই আহিবলৈ সক্ষম হোৱাত বৃহৎ অঘটনৰপৰা ৰক্ষা পৰে৷