♦ শীঘ্ৰে বিনা চৰ্তে মুক্তি দিয়াৰ দাবী বোকাজান হিন্দী ভাষী সংস্থা

কাৰ্বি আংলং ব্যুৰ': ১৪ ডিচেম্বৰৰ নিশা প্রায় ৯ বজাত কোনো অজ্ঞাত দুৰ্বৃত্তৰদ্বাৰা অপহৃত হৈ থকা যুৱ ব্যৱসায়ী চন্দন কুমাৰ সিঙৰ আজি পৰ্যন্ত নাই কোনো সন্ধান।

।steel Bricks নামৰ দুটাকৈ ইটা ভাতাৰ স্বত্বাধিকাৰী চন্দনৰ মুক্তিপণ হিচাপে অপহৰণকাৰী দলটোৱে চন্দনৰ ম'বাইলৰপৰা পৰিয়ালৰ লোকক মুক্তিপণ হিচাপে এক কোটি টকা দাবী কৰি আহিছে। 

এই ধন তিনিদিনৰ ভিতৰত দিবলৈ দাবী জনোৱাৰ লগতে, অন্যথা ইয়াৰ পৰিণাম ভয়াবহ হ'ব বুলি জানিবলৈ দিছে। এই বিষয়ে পৰিয়ালৰ লোকে বোকাজান থানাত এজাহাৰ দাখিলৰ পাছত বোকাজান মহকুমা আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত চন্দনক সুস্থ শৰীৰে উদ্ধাৰ কৰিবৰ বাবে অভিযান অব্যাহত ৰাখিছে আৰু অতি সোনকালে ভাল খবৰ আহিব বুলি আৰক্ষী বিষয়া গৰাকীয়ে ফোন যোগে জানিবলৈ দিছে। অৱশ্যে তেওঁ কেমেৰাৰ সন্মুখত কোনোধৰণৰ কথা কোৱাৰপৰা বিৰত আছে।

আনহাতে আজি কাৰ্বি আংলং হিন্দী ভাষী সন্থা আৰু বোকাজান ইটা ভাতা সন্থাই এক প্ৰেছ বিবৃত্তিৰ যোগেদি অপহৃত চন্দন কুমাৰক অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি দিবৰ বাবে অপহৰণকাৰীসকলক আহ্বান জনোৱাৰ লগতে আৰক্ষীকো এই ক্ষেত্রত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায়।