newsnextone.com | বোকাজানঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি বাংলাদেশৰ হিন্দু শৰণাৰ্থী অসমত সংস্থাপন কৰিব বিচৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰি আহিছে অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক, জ্যেষ্ঠ নাগৰিক, গায়ক, অভিনেতা-অভিনেত্ৰীয়ে৷ 

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধাচৰণ কৰি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে সৰ্ব প্ৰকাৰৰ লোকে৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা, খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কৱচ প্ৰদান, ভাৰত-বাংলাদেশ সীমান্ত অতি শীঘ্ৰে ছীল কৰা আৰু অবৈধ বাংলাদেশী বহিষ্কাৰৰ বাবে ভাৰত-বাংলাদেশৰ মাজত দ্বি-পাক্ষিক চুক্তি স্বাক্ষৰৰ দাবীত সোমবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলংত বোকাজান আঞ্চলিক ছাত্ৰ সন্থা আৰু সৰিয়হজান আঞ্চলিক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত বোকাজানত বৃহৎ গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ 

বোকাজান আঞ্চলিক ছাত্ৰ সন্থা, সৰিয়হজান আঞ্চলিক ছাত্ৰ সন্থা, কৰ্মচাৰী পৰিষদ, কাৰ্বি ছাত্ৰ সন্থা, ষ্টুডেণ্টচ্ ইয়ুথ কাউঞ্চিল, ভোজপুৰী পৰিষদ আদি সংগঠনৰ বহু নেতা-কৰ্মী, বিভিন্ন মহিলা সমিতি তথা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে চৰকাৰ বিৰোধি শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে৷ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়া, সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিপ বৰা, কাৰ্বি ছাত্ৰ সন্থাৰ উপদেষ্টা লাইচন ইংলেং, কাৰ্বি আংলং জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি পদ্ম বৰা উপস্থিত থাকি ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত যি ধৰণৰ স্থিতি গ্ৰহণ কৰিছে ইয়াকেলৈ অসমৰ ৰাইজ সন্তুষ্ট হ’ব পৰা নাই বুলি কয়। 

চুবুৰীয়া মেঘালয়ৰ ৰাজ্য চৰকাৰে কেবিনেট বৈঠকৰ জড়িয়তে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ বিপৰীতে জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল'গানেৰে শাসনৰ বাঘজৰী হাতত লোৱা অসমৰ ৰাজ্য চৰকাৰে তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ জাতি-মাটি-ভেটি তথা ভাষা-সংস্কৃতি সম্পূৰ্ণৰূপে ধ্বংস কৰিব পৰা এই বিধেয়কখনৰ বিৰুদ্ধে নিজৰ স্থিতি স্পষ্ট কৰা পৰিলক্ষিত হোৱা নাই বুলি কয় নেতা কেইগৰাকীয়ে৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধিক্কাৰ প্ৰদান কৰাৰ লগতে কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিপ বৰাই মুখ্যমন্ত্ৰীক উভতি ধৰি তেওঁ যদি প্ৰকৃততে জাতীয় নায়ক হয়, তেওঁ যদি এজন প্ৰকৃত অসমীয়া হয় তেন্তে আপুনি কেবিনেট বহাই কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল দাবীত পত্ৰ প্ৰেৰণ কৰক বুলি কয়৷ অন্যথাই আমি কবলৈ বাধ্য হ’ম আপোনাৰ গাত অসমীয়াৰ তেজ নাই৷ আপুনি অসমীয়া নহয়৷ কেন্দ্ৰীয় চৰকাৰৰ ভৰিত ধৰি থকা এজন ৰাজনীতিবিদ বুলি কবলৈ বাধ্য হম বুলি কয় বৰাই৷ 

সহস্ৰাধিক প্ৰতিবাদকাৰীৰ অংশগ্ৰহণৰে বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়স্থিত আছুৰ শ্বহীদ বেদি প্ৰাংগণৰ পৰা উলিওৱা সমদলটোৱে সমগ্ৰ নগৰ পৰিভ্ৰমণ কৰি সৰ্বানন্দ সোণোৱাল হায় হায়, মোডী চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী গ'বেক, নৰেন্দ্ৰ মোডীৰ কাম নাই, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি গ'বেক, বিজেপি হায় হায়, আহ ঐ আহ ওলাই আহ, খেদ ঐ খেদ বাংলাদেশী খেদ, অসমবাসী ৰাইজ আজি জাগিছে, অসমৰ দল-সংগঠন জাগিছে আদি শ্ল’গানেৰে বোকাজান নগৰৰ আকাশ বতাহ কঁপাই তুলি পুনৰ শ্বহীদ বেদি প্ৰাংগণত সমদলৰ অন্ত পেলাই৷

প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবী জনোৱাৰ লগতে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে যদি এই বিধেয়কখন অসমত গৃহীত কৰিব বিচাৰে তেন্তে অনাগত দিনত ইয়াতকৈ জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হ’ব বুলি সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই সকিয়াই দিয়ে৷