নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধীতাৰে যুৱ-ছাত্ৰ পৰিষদৰ সমূহীয়া মুণ্ডনঃ  বোকাজান জিলা কৰ্মচাৰী পৰিষদৰ ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট 

অসমী আইক ধৰ্ষণ কৰি হত্যা কৰিব বিচৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দালাল আখ্যাঃ যুৱ-ছাত্ৰ পৰিষদৰ

কাৰ্বি আংলংঃ  নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বুধবাৰে বোকাজান মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সমীপত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বোকাজান আঞ্চলিক সমিতিয়ে সমূহীয়া মুণ্ডন কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উক্ত স্থানতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত বোকাজান জিলা কৰ্মচাৰী পৰিষদেও তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বোকাজান আঞ্চলিক সমিতিয়ে বিধেয়কৰ বিৰুদ্ধে গ্ৰহণ কৰা সমূহীয়া মুণ্ডন কাৰ্যসূচীত উপস্থিত পৰিষদৰ অৰ্দ্ধ-শতাধিক সদস্যই হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে'কাৰ্ড, ফেষ্টুন আদি লৈ দেশ বুলিলে নালাগে আদেশ, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, বিজেপিৰ দালালগিৰী নচলিব, বিজেপিক খেদক অসম বচাওক আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

কাৰ্যসূচীত উপস্থিত পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে কয় যে বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ জৰিয়তে যি অবৈধ হিন্দু বাংলাদেশী অসমত জাপি দিব বিচাৰিছে, সেয়া শৰীৰত শেষ বিন্দু তেজ থকালৈকে পৰিষদে তাৰ বিৰোধিতা কৰি যাব৷ লগতে নিজৰ অসমী আইক ধৰ্ষণ কৰি হত্যা কৰিব বিচৰা অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দালাল আখ্যাৰে জাতিটোক নিঃশেষ কৰিব বিচৰা এনে অসমৰ বৃহত্তৰ স্বাৰ্থ পৰিপন্থী সিদ্ধান্ত তথা কাম-কাজৰপৰা বিৰত থাকিবলৈও চৰম সকীয়নি প্ৰদান কৰে সভাপতিগৰাকীয়ে৷

কেন্দ্ৰীয় চৰকাৰৰ এই জাতিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি সকলো দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংস্কৃতিক কৰ্মী, শিক্ষাবিদ, সাংবাদিক, পুৰুষ-মহিলা, বৃদ্ধ-বণিতা, ছাত্ৰ সমাজকে ধৰি সকলো শ্ৰেণীৰ নাগৰিকে স্বতঃস্ফুৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে যদিও কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কিন্তু তিলমানো গুৰুত্ব প্ৰদান কৰা নাই বুলিও সভাপতিগৰাকীয়ো তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ 

উল্লেখ্য যে, বিধেয়কখনৰ বিৰোধিতাৰে সমূহীয়া মুণ্ডন কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিষদৰ দহগৰাকী সদস্যৰ ভিতৰত জিলা সমিতিৰ সভাপতি জিতু ফুকন আৰু আঞ্চলিক সমিতিৰ সভাপতি লৱজ্যোতি গগৈও আছিল ৷ আনহাতে, পুৱা ১১ বজাৰপৰা বোকাজান জিলা কৰ্মচাৰী পৰিষদৰ তিনি ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত শতাধিক কৰ্মচাৰীয়ে প্ৰতিবাদী শ্ল'গানেৰে অংশগ্ৰহণ কৰাৰ লগতে প্ৰতিবাদস্থলীত উপস্থিত থকা বোকাজান জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি পদ্মকান্ত বৰা আৰু সাধাৰণ সম্পাদক ৰমাকান্ত চেতিয়াই তীব্ৰ ক্ষোভেৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে অসমীয়া খিলঞ্জীয়া জাতি আজি সংকটৰ গৰাহত৷ ১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈ হোৱা ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত তথা ৮৫৫ গৰাকী ছহীদৰ কেঁচা তেজৰ বিনিময়ত সম্পাদিত অসম চুক্তিক ভৰিৰে মোহাৰি বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে অসমত বাংলাদেশ, পাকিস্তান, আফগানিস্তান আদি দেশৰ পৰা হিন্দু, শিখ, বৌদ্ধ, খ্ৰীষ্টান আদি বিদেশীক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে৷ যিহেতু এই বিধেয়কখনে অসম তথা বৃহত্তৰ অসমীয়া জাতিটোক নিঃশেষ কৰাৰ নিকৃষ্ট ষড়যন্ত্ৰ কৰিছে, গতিকে সমগ্ৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰই ইয়াৰ বিৰোধিতা কৰিব লাগে আৰু কোনো কাৰণতেই এই বিধেয়কখন মানি নলও বুলি কোৱাৰ লগতে অনাগত ভবিষ্যতত চৰম ত্যাগ কৰি হলেও বিজেপি চৰকাৰে বিধেয়কখন গৃহীত কৰিব বিচৰা প্ৰচেষ্টাক বাধা প্ৰদান কৰি যাব বুলি মন্তব্য কৰে৷ 

ইপিনে, আজি এই প্ৰতিবাদস্থলীত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই কয় যে জাতিধ্বংসী বিধেয়কখনৰ বিৰোধিতা কৰি অহা অসমবাসীৰ দাবীক অংগুষ্ঠ প্ৰদৰ্শন কৰি ইতিমধ্যে বিজেপি চৰকাৰৰ কেন্দ্ৰীয় কেবিনেটত বিধেয়কখন অনুমোদন জনোৱাৰ লগতে লোকসভাতো গৃহীত কৰিলে৷ পৰৱৰ্তী পৰ্যায়ত ৰাজ্যসভাত গৃহীত নহলে যুটীয়া সদন আহ্বান কৰি হ’লেও এই বিধেয়কখন গৃহীত কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা ল’ব৷ এই বিধেয়ক আইনত পৰিণত কৰি কেন্দ্ৰীয় চৰকাৰে বাংলাদেশৰ পৰা এক কৌটিতকৈও অধিক হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰি নিজৰ ভোট বেংক সুৰক্ষিত কৰাৰ ষড়যন্ত্ৰ চলাইছে বুলি কোৱাৰ লগতে এনে সিদ্ধান্তৰ ফলত নিজ গৃহতে অসমীয়া ভূমিপুত্ৰসকলক দ্বিতীয় নাগৰিক হিচাপে পৰিগণিত কৰিবলৈ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অসমীয়া বিদ্বেষী সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ সৰ্বস্তৰৰ ৰাইজক চৰম ত্যাগ কৰি হ’লেও বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিবলৈ আহ্বান জনাই ছাত্ৰ নেতাগৰাকীয়ে৷