
newsnextone.com | বোকাজানঃ কাৰ্বি পাহাৰত সমন্বয়ৰ বাৰ্তা বিলাই ৩৪ সংখ্যক বোকাজান কেন্দ্ৰীয় বহাগী উৎসৱৰ সফল সামৰণি পৰে৷ বোকাজানৰ কেন্দ্ৰীয় বিহুতলী ব্লক বাতৰিত ১৩, ১৪ আৰু ১৫ মে'ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰি ১৩ মে'ৰ পুৱা ১০ বজাত উদযাপন সমিতিৰ সভাপতি মণ্টু নাথে বিহুৰ পতাকা উত্তোলনেৰে বহাগী উৎসৱৰ উদ্ধোধন কৰে৷
স্মৃতি তৰ্পণ কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মৃদুল বৰগোহাঁয়ে৷ দিনৰ ১২ বজাত চিত্ৰাংকন, কণী যুঁজ, পিঠা, টেকেলী ভঙা, জলপান, গামোচা আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ নিশা ৮ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই বোকাজান বহাগী উৎসৱৰ বাৰ্ষিক মুখপত্ৰ "ৰঙালী" উন্মোচন কৰাৰ লগতে সমসাময়িকভাবে প্ৰদৰ্শনীমূলক বিহু হুঁচৰি, সদৌ অসম ভিত্তিত বিহুপৰী প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত গান্ধী ভৰালী সোঁৱৰণী বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
প্ৰদৰ্শনীমূলক বিহু হুঁচৰিত শিৱসাগৰৰ জাঁজীপৰীয়া বিহু হুঁচৰি দল, নকছাৰিৰ ঢোল বায় ঢুলীয়াই ছোৱালী বিহুদল, তেজপুৰৰ নট'সূৰ্য সাংস্কৃতিক কেন্দ্ৰ বিহুদলৰ, গোলাঘাটৰ জাংফাই বিহু হুঁচৰি দল, ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ মুকলি বিহুদলে বিহু পৰিবেশনেৰে উপস্থিত দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়৷ দ্বিতীয় দিনা অৰ্থাৎ ১৪ মে'ৰ নিশা ৮ বজাৰ পৰা সদৌ অসম ভিত্তিত বগীৰাম বৰা সোঁৱৰণী চেমনীয়া বিহু প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত চেমনীয়া ঢোলবাদন প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত হেলচী দত্ত সোঁৱৰণী জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত হয়৷
নিশা ১০ বজাত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় সদস্য লংকি তিমুঙে উদ্ধোধন কৰে প্ৰয়াত বিজু ফুকন সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া৷ সাংস্কৃতিক সন্ধিয়াত কণ্ঠশিল্পী মেৰিলীন বৰদলৈ, লক্ষ্য ডেকাই বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে৷ আনহাতে তৃতীয় দিনা নিশা ৮ বজাত বোকাজান কেন্দ্ৰীয় বহাগী উৎসৱৰ "যশস্বী বঁটা" আৰু বঁটা বিতৰণী অনুষ্ঠানত বিশিষ্ট সাংস্কৃতিক কৰ্মী জনাছিং ফাংছ'ক বোকাজান কেন্দ্ৰীয় বহাগী উৎসৱ উদযাপন সমিতিয়ে যশস্বী বঁটা প্ৰদান কৰে৷
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনৰ লগতে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে পৃথ্বিৰাজ ৰাভাই৷ নিশা ১০ বজাত মুনিন বৰুৱা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে৷
সাংস্কৃতিক সন্ধিয়াত জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ, লাটুমণিৰ লগতে অন্যান্য শিল্পীসকলে গীতৰ শৰাই আগবঢ়ায় দৰ্শকক আপ্লুত কৰে৷ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বোকাজান কেন্দ্ৰীয় বহাগী উৎসৱৰ প্ৰথম দিনাটোৰ অনুষ্ঠান শুভাৰম্ভ কৰাৰ পাছতেই কেন্দ্ৰীয় বিহুতলী পথৰ স্থায়ী তোৰণৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধ্যুৰ্য ঢেকিয়াল ফুকনে৷