কাৰ্বি আংলংঃ বিশ্বৰ সকলো জাতি-জনগোষ্ঠীৰে সুকীয়া লোক কৃষ্টি, সংস্কৃতি-পৰম্পৰা থাকে৷ কৃষ্টি, সংস্কৃতি-পৰম্পৰাই প্ৰতিটো জাতি-জনগোষ্ঠীক উজলাই তোলে৷ আন আন জাতি-জনগোষ্ঠীৰ দৰেই কাৰ্বিসকলো ভিন্ন কৃষ্টি, সংস্কৃতি-পৰম্পৰাৰে চহকী এটা জনগোষ্ঠী৷

কাৰ্বিসকলৰ ভিন্ন কৃষ্টি, সংস্কৃতি-পৰম্পৰাৰ লগতে সাতবাৰ আৰু বাৰমাহৰ নিৰ্দিষ্ট নাম আছে৷ বছৰৰ প্ৰতিটো মাহৰ সৈতে প্ৰকৃতিৰ ৰূপ আৰু ঋতুৰ পৰিক্রমা তেওঁলোকে মানি চলে স্বকীয়ভাৱে৷ সাতবাৰ আৰু বাৰমাহৰ স্বকীয় তাৎপৰ্য আৰু বৈশিষ্টৰ বাবে তাৎপৰ্য ধৰি ৰখাৰ চেষ্টা চলাই ভাৰতৰ অন্যান্য জাতি-জনগোষ্ঠীসমূহৰ দৰেই কাৰ্বি জনগোষ্ঠীয়ে নতুন বছৰ পালন কৰে৷ 

কৃষি ভিত্তিক উৎসৱ-পাৰ্বনসমূহ সাধাৰণতে আন আন জনগোষ্ঠীসকলৰ দৰেই সেউজ কাৰ্বিভূমিতো পালন কৰা হয়৷ কৃষি ভিত্তিক উৎসৱৰ লগতে কাৰ্বি জনগোষ্ঠীৰ আছে এখন নিজস্ব বৰ্ষপঞ্জী অৰ্থাৎ কেলেণ্ডাৰ। সেই অনুসৰি থাংথাং মাহ হৈছে ফেব্ৰুৱাৰী মাহ৷ থাংথাং মাহ অৰ্থাৎ ফেব্ৰুৱাৰী মাহ কাৰ্বিসকলৰ বৰ্ষ পঞ্জীৰ পহিলা মাহ।

১ ফেব্ৰুৱাৰীত সেয়েহে কাৰ্বিসকলে পালন কৰে কাৰ্বি নৱবৰ্ষ। কৃষিজীৱি কাৰ্বিসকলে ঝুম (জুম) খেতি চপাই হেম্ফু অৰ্থাৎ ভগৱানক আৰ্নাম মানে পূজা-অৰ্চ্ছনা কৰে৷ সকলোৰে মংগল কামনা কৰে আৰু লগে ভাগে এসাঁজ খায়।

পাহাৰীয়া জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাজান মহকুমাৰ বৰমানথি খেলপথাৰত পাঁচখন গাঁৱৰ ৰাইজ একত্ৰিত হৈ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে নিংকান কিমি অৰ্থাৎ নৱবৰ্ষ৷ পুৱাৰ ভাগত কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ লংকি তিমুঙে শান্তিৰ প্ৰতীক এযোৰ পাৰ চৰাই উৰুৱাই নৱবৰ্ষ উদযাপনৰ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ লগতে বছৰটোত সকলোৰে মংগল কামনা কৰে৷ 

উদযাপনস্থলীত পৰম্পৰাগত বিভিন্ন খেল ধেমালি, নৃত্য-গীত আদিৰ লগতে সমূহীয়াভাৱে সকলোৱে মিলি দুপৰীয়াৰ এসাঁজ আহাৰ গ্ৰহণ কৰে। আনহাতে উদযাপনৰ উদ্যোক্তাসকলেও কাৰ্বি নৱবৰ্ষই জিলাখনৰ লগতে সকলোৰে বাবে সুখ, সমৃদ্ধি তথা শান্তি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। উল্লেখ্য যে কাৰ্বি নিংকান কিমি উৎসৱৰ লগত সংগতি ৰাখি বৰজান পৰিষদীয় সমষ্টিৰ পৰিষদীয় সদস্য তথা কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ লংকি তিমুঙে উক্ত খেলপথাৰত এখন মুকলি মঞ্চও উদ্ধোধন কৰে৷