কাৰ্বি আংলং ব্যুৰ' : কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত বৰপথাৰ শান্তিপুৰ থানাৰ অন্তৰ্গত দেওপানীস্থিত নিজ ইটা ভাতাৰপৰা কালি নিশা খটখটিস্থিত অন্য এটা ইটা ভাতালৈ আহি থকা অৱস্থাত অপহৃত হয় এজন যুৱ ব্যৱসায়ী ৷

এএছ ০৯ ই - ৯০০৫ নম্বৰৰ ৰঙা ৰঙৰ Vitara Birja গাড়ীসহ চন্দন কুমাৰ সিং নামৰ ২৩ বছৰীয়া যুৱ ব্যৱসায়ীজনক অপহৰণ কৰে অচিনাক্ত দুস্কৃতিকাৰীয়ে৷ অপহৃত যুৱ ব্যৱসায়ীজনৰ ম'বাইলৰপৰা পৰিয়ালৰ লোকক ফোন কৰি তিনিদিনৰ ভিতৰত এক কোটি টকা মুক্তিপন দাবী কৰিছে দুস্কৃতিকাৰীয়ে৷

এই সন্দৰ্ভত বোকাজান থানাত পৰিয়ালে অভিযোগ দাখিল কৰিছে৷ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে যুৱ ব্যৱসায়ীজনৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই৷