
কাৰ্বি আংলংঃ অসম-নাগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান মহকুমাৰ লাহৰিজানত শনিবাৰে পুৱা প্ৰায় ১০ বজাত এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷
ঘন জনবসতিপূৰ্ণ অঞ্চলটোত হঠাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত বৃহৎ অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাজত আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷ জুইৰ লেলিহান শীখাই নিমিষতে বৃহৎ অঞ্চলটো আগুৰি ধৰাৰ ফলত সমগ্ৰ অঞ্চলটোৰ লগতে আকাশৰ বহু ওপৰলৈও ক’লা ধোৱাই ছানি ধৰে৷
অগ্নিকাণ্ডত প্ৰায় ৬০ ৰো অধিক বাসগৃহৰ লগতে ২০ খনৰো অধিক দোকান ভষ্মীভূত হয়৷ ঘটনাস্থলীত বোকাজান অগ্নিনিৰ্বাপক বাহিনীৰ লগতে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ মুঠ চাৰিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷
আনহাতে, চক-চাৰ্কিটৰ বাবেই এই ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’বলৈ পালে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰাৰ লগতে প্ৰায় ৫০ লক্ষাধিক টকাৰ সা-সম্পত্তিও জুইত জাহ গৈছে বুলি জানিব পৰা গৈছে৷