
বোকাজান: যোৱা ৮ জানুৱাৰীত অনুষ্ঠিত হোৱা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধীনৰ নগৰ সমিতিসমূহৰ নিৰ্বাচনৰ ফলাফল বৃহস্পতিবাৰে ঘোষণা কৰা হয়৷ সেই অনুসৰি উদ্যোগ নগৰী হিচাপে খ্যাত ৭ টা ৱাৰ্ডেৰে গঠিত বোকাজান নগৰ সমিতিৰ নিৰ্বাচনৰ ভোট গণনা পুৱা ৮ বজাৰপৰা আৰম্ভ হৈ বিয়লি ২ বজাত অন্ত পৰে৷
বোকাজান নগৰ সমিতিৰ নিৰ্বাচনৰ ফলাফলসমূহ হ'ল ক্ৰমে ১ নং ৱাৰ্ডৰ কংগ্ৰেছ প্ৰাৰ্থী দিপাংকৰ গগৈয়ে ৮১৪ টা ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দী বি জে পি প্ৰাৰ্থী শিল্পী শিখা চিৰিং দুৱৰীক ৪০৩ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷
বি জে পি প্ৰাৰ্থী শিল্পী শিখা চিৰিং দুৱৰীয়ে মুঠ ভোট লাভ কৰে ৪১১ টা৷ আনহাতে আঞ্চলিক দল এইচ এছ ডি চিৰ প্ৰাৰ্থী জালিৰাম টেৰণে মুঠ ভোট লাভ কৰে ১৯ টা আৰু এ এছ ডি চি দলৰ প্ৰাৰ্থী লংছিং ৰংহাঙে মুঠ ভোট লাভ কৰে ৫৩ টা৷
২ নং ৱাৰ্ডত বি জে পি প্ৰাৰ্থী মিনু দাসে ৫১৯ টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থী বিষ্ণু নন্দীক ১৩০ ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মুঠ ভোট লাভ কৰে ৩৮৯ টা৷
৩ নং ৱাৰ্ডৰ বি জে পি বাবুল দাসে মুঠ ১১০৫ টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দী নিৰ্দলীয় প্ৰাৰ্থী শ্যামল দাসক ৬২৩ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে মুঠ ভোট লাভ কৰে ৪৮২ টা৷
আনহাতে কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ দেৱে মুঠ ভোট লাভ কৰে ৪৫ টা৷ ৪ নং ৱাৰ্ডৰ বি জে পি প্ৰাৰ্থী ৰজত দাসে মুঠ ৭৫১ টা ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থী সুৰজিৎ দেৱক ৩৭৫ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ কংগ্ৰেছ প্ৰাৰ্থী সুৰজিৎ দেৱে মুঠ ভোট লাভ কৰে ৩৭৬ টা৷ ৫ নং ৱাৰ্ডত বি জে পি প্ৰাৰ্থী বিনোদ কুমাৰ শ্বাহে মুঠ ৪৮৯ টা ভোট লাভ কৰি তেওঁৰ নিকটতম প্ৰতিদ্বন্দী নিৰ্দলীয় প্ৰাৰ্থী অনিমেষ কৰ্মকাৰক ২০৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷
নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে মুঠ ভোট লাভ কৰে ২৮১ টা৷ আনহাতে কংগ্ৰেছ প্ৰাৰ্থী এনামুদ্দিন আলীয়ে মুঠ ভোট লাভ কৰে ৭০ টা৷ ৬ নং ৱাৰ্ডৰ বি জে পি প্ৰাৰ্থী ৰাজীৱ বৰ্ধনে মুঠ ১১৩৭ টা ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থী নাজিম উদ্দিন আলীক মুঠ ৩৪১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে মুঠ ভোট লাভ কৰে ৫৯৬ টা৷
আনহাতে নিৰ্দলীয় প্ৰাৰ্থী অম্বেশ্বৰ চেতিয়াই মুঠ ভোট লাভ কৰে ১৪৫ টা৷ ৭ নং ৱাৰ্ডৰ সুন্দৰ ইংতিয়ে মুঠ ৭৬৫ টা ভোট লাভ কৰি নিকটতম প্ৰতিদ্বন্দী কংগ্ৰেছ প্ৰাৰ্থী জিতু কুমাৰ বৰুৱাক ৬১ টা ভোটত পৰাস্ত কৰে৷ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰে মুঠ ভোট ৭০৪ টা৷ আনহাতে আঞ্চলিক দল এইচ এছ ডি চিৰ প্ৰাৰ্থী অনুপ গগৈয়ে মুঠ ভোট লাভ কৰে ৩২ টা৷
উল্লেখ্য যে পাহাৰীয়া জিলাখনৰ বোকাজানত নগৰ সমিতিৰ নিৰ্বাচনত চমকপ্ৰদ সফলতাৰে বি জে পিয়ে বিজয়ধ্বজা উৰুৱাই প্ৰথমবাৰৰ বাবে নগৰ সমিতি গঠনৰ দিশে অগ্ৰসৰ হৈছে৷ নিৰ্বাচনী ফলাফল বাহিৰ হোৱাৰ পাছত কাৰ্যবাহী সদস্য মাধ্যুৰ্য ঢেকিয়াল ফুকন আৰু পৰিষদৰ অধ্যক্ষ লংকি তিমুঙৰ সৈতে বি জে পিৰ বিজয়ী প্ৰাৰ্থীসকলক দলৰ কৰ্মী-সমৰ্থকে বি জে পিৰ জয়ধ্বনিৰে পদযাত্ৰা কৰি বোকাজান নগৰস্থিত বি জে পিৰ কাৰ্যলয়লৈ আগবঢ়াই নিয়ে৷
মন কৰিবলগীয়া কথা যে বোকাজান নগৰ সমিতিৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগেই বি জে পিৰ একাংশ কৰ্মী-সমৰ্থকে আগন্তুক বোকাজান নগৰ সমিতিৰ অধ্যক্ষ পদৰ বাবে বি জে পিৰ ৩ নং ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী বাবুল দাস আৰু ৫ নং ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী বিনোদ কুমাৰ শ্বাহৰ নাম উচ্চাৰণ কৰাও পৰিলক্ষিত হয়৷