
বোকাজানঃ কাৰ্বি আংলঙত জনজাতি আৰু অজনজাতিৰ ৰাজনৈতিক অধিকাৰ আৰু সুৰক্ষাৰ প্ৰসংগই সম্প্ৰতি জিলাখনত পুনৰ এক আন্দোলনৰ পৰিৱেশে গা লৈ উঠা পৰিলক্ষিত হৈছে৷
জিলাখনৰ জনজাতিসকলে নিজ অস্তিত্বৰ প্ৰতি শংকা প্ৰকাশ কৰি ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলা হিচাপে নিজ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ ভোটাৰ তালিকাৰপৰা অজনজাতিসকলৰ নাম প্ৰত্যাহাৰ কৰিবৰ বাবে কাৰ্বি সংগঠনসমূহে দাবী জনাই অহাৰ বিপৰীতে জিলাখনৰ অজনজাতীয় সংগঠনসমূহে নিজৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাছে৷
বিশেষকৈ কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ বাবে স্বায়ত্ব পৰিষদে নীতি নিৰ্ধাৰণ সমিতি গঠন কৰাৰ পাছতেই জিলাখনৰ অজনজাতিসকল শংকিত হৈ পৰিছে৷ তাৰে প্ৰেক্ষাপটত শনিবাৰে বোকাজানত অজনজাতিৰ বিভিন্ন সংগঠনৰ যৌথ উদ্যোগত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়৷
অমৰাজানৰ আদিবাসী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমুখৰপৰা বাহিৰ কৰা এই সমদলে বিভিন্ন শ্ল’গাণেৰে ৰাজপথ উত্তাল কৰাৰ পাছতেই শুকানজানত এক পথসভা অনুষ্ঠিত কৰি বোকাজান মহকুমাৰ মহকুমাধিপতিৰ জৰিয়তে অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰক-পত্ৰ প্ৰদান কৰে৷
স্মাৰক পত্ৰৰ জৰিয়তে অতিশীঘ্ৰে কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ নীতি নিৰ্ধাৰণ সমিতি ভংগ কৰিবলৈ দাবী জনোৱাৰ লগতে কাৰ্বি আংলংৰ অজনজাতিসকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে অজনজাতি আঞ্চলিক উন্নয়ন পৰিষদ গঠন কৰিবলৈ দাবী জনায়৷ আনহাতে এই স্মাৰক-পত্ৰৰ জৰিয়তেই সংগঠনসমূহে অতি শীঘ্ৰে অজনজাতিসকলক জিলাখনত মাটিৰ পট্টা প্ৰদান কৰিবলৈ দাবী জনায়৷
ইপিনে জিলা উপায়ুক্তক কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ লগতে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিয়োগ ব’ৰ্ডৰো অধ্যক্ষ হিচাপে নিয়োগ কৰাৰ দাবী জনায় স্মাৰক-পত্ৰত৷ স্মাৰক-পত্ৰৰ এই প্ৰতিলিপি প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ আৰু অসম মানৱ অধিকাৰ সুৰক্ষা সমিতিলৈও প্ৰেৰণ কৰে৷