বোকাজানঃ জাতিৰ বাবে প্ৰাণ আহুতি দিয়া বৰপেটা জিলাৰ ভৱানীপুৰৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰক দেওবাৰে কাৰ্বি পাহাৰত বিভিন্ন দল-সংগঠনে স্মৰণ কৰে৷ ১৯৭৮ চনৰ ২৪ মাৰ্চত লোকসভাৰ সাংসদ হীৰালাল পাটোৱাৰীৰ মৃত্যু পিছত মঙলদৈ লোকসভা সমষ্টিত উপ-নিৰ্বাচনৰ প্ৰয়োজন হয় আৰু ২৭ এপ্ৰিলত ভোটাৰ তালিকা সংশোধনৰ জাননী জাৰী কৰাৰ ফলত কেৱল মঙলদৈতে প্ৰায় ৪৫০০০ সন্দেহজনক বিদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ থকাৰ কথা উজনি-নামনিত লব্যাপক প্ৰচাৰ হয়৷

২৭ জুনত আছুৰ উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ত বিদেশী সমস্যাক সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্ৰফুল্ল মহন্ত আৰু ভৃগু ফুকনৰ নেতৃত্বত এখন অনুষ্ঠিত অনুষ্ঠত হয়৷ সভাত অসমত নিৰ্বাচন আৰু লোকপিয়ল বন্ধ ৰাখিবলৈ চৰকাৰক অনুৰোধ দাবী জনায়। আছুৰ লগতে অসমৰ জাতীয়তাবাদী সংগঠন সমূহে বিদেশী বহিষ্কাৰ কৰাৰ দাবীত আন্দোলন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ১৯৭৯ চনৰ চেপ্তেম্বৰত শ্ৰেণী বৰ্জন আৰু ধৰ্ণা কাৰ্যসূচী পালন কৰে।

মুখ্য নিৰ্বাচন আয়ুক্তই ১৯৭৮ চনৰ ভোটাৰ তালিকা অনুসৰি নিৰ্বাচন পাতিবলৈ নিৰ্দেশ দিয়ে। নিৰ্বাচনত মনোনয়ন পত্ৰ দিবলৈ বিশাল কনভয় লৈ যোৱা কংগ্ৰেছী প্ৰাৰ্থীক গণতান্ত্ৰিক ভাৱে বাধা প্ৰদান কৰিবলৈ গৈ চৰকাৰী বাহিনীৰ নিৰ্মম প্ৰহাৰত খৰ্গেশ্বৰ তালুকদাৰ ১৯৮০ চনৰ ১০ ডিচেম্বৰত শ্বহীদ হয়৷ সমগ্ৰ অসম জ্বলি উঠে আৰু আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ ফলত শ শ তেজাল অসম সন্তানে প্ৰাণ আহুতি দিবলগীয়া হৈছিল৷ জাতি ৰক্ষাৰ স্বাৰ্থত নিজ প্ৰাণকো তুচ্ছ জ্ঞান কৰি আত্মবলিদান দিয়া অসম সন্তান খৰ্গেশ্বৰ তালুকদাৰৰ লগতে ৮৫৫ গৰাকী বীৰ ছহীদৰ স্মৃতিত ১০ ডিচেম্বৰৰ দিনটো সমগ্ৰ অসমতে ছহীদ দিৱস ৰূপে পালন কৰা হয়৷

বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো দেওবাৰে বোকাজান নগৰস্থিত আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাংগণত ছহীদ দিৱস পালন কৰা হয়৷ শ্বহীদ দিৱস অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠিনক সম্পাদক বেদান্ত শইকীয়া আৰু সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিব বৰাও উপস্থিত থাকে৷ অসম আন্দোলনৰ ৮৫৫ গৰাকী ছহীদৰ প্ৰবিত্ৰ স্মৃতিত বোকাজান আঞ্চলিক ছাত্ৰ সন্থাই কাৰ্যালয় প্ৰাংগণত নিৰ্মাণ কৰি উলিওৱা এটি শ্বহীদ বেদীও উন্মোচন কৰা হয়৷

শ্বহীদ বেদী উন্মোচন আৰু বন্তি প্ৰজ্বলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই আৰু তেওঁক সহযোগ কৰে সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ত্ৰিদিব বৰাই৷ শ্বহীদ বেদী উন্মোচন কাৰ্যসূচীৰ পিছতেই অনুষ্ঠানত উপস্থিত বোকাজানৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে ছাত্ৰ সন্থাৰ সদস্যসকলে কাৰ্যালয় প্ৰাংগণৰ পৰা ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথলৈ প্ৰায় তিনিশ মিটাৰ পথৰ দুয়োকাষে ৮৫৫ গছি বন্তি প্ৰজ্বলন কৰে৷ শ্বহীদ দিৱস অনুষ্ঠানত সদৌ কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ভৱজ্যোতি বৰা, শিক্ষা সম্পাদক অৰ্নৱজ্যোতি কাকতি, বোকাজান আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি লক্ষীন্দৰ মহন্ত, সাধাৰণ সম্পাদক হিমাংশু দাস, বোকাজান শাখা লেখিকা সমাৰোহ সমিতিৰ সদস্যাৰ উপৰি বোকাজানৰ বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷