• অচল বোকাখাত বিদ্যুৎ বিভাগৰ কাৰ্যালয়
  •  অস্থায়ী কৰ্মচাৰীক অৱশেষত প্ৰতাৰণা কৰিলে বিদ্যুৎ বিভাগে​

কাজিৰঙাঃ  বাগৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ কাষতে গঁড় হত্যাৰ ঘটনাই সমগ্ৰ কাজিৰঙাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে বোকাখাতৰ আকাশ-বতাহ উত্তাল কৰি তুলিলে বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলে। মন্ত্ৰী তপন গগৈৰ লগতে মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলে পৰিস্থিতি উত্তপ্ত কৰি তোলে। আনকি, বোকাখাতস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি প্ৰতিবাদী কৰ্মচাৰী সকলে অচল কৰি তুলিলে দিনটোৰ কামকাজ ৷  

উল্লেখযোগ্য যে, APDCL ৰ অধীনৰ বোকাখাত বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলে ১০ বছৰৰো অধিক কাল অস্থায়ী কৰ্মচাৰী হিচাপে বহু দুখ-কষ্টৰ মাজেৰে  নিজৰ কৰ্তব্য পালন কৰি আহিছে যদিও আজিকোপতি তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰা নহ’ল ৷ আনকি ১০ বছৰৰো অধিক কাল এই অস্থায়ী কৰ্মচাৰী সকলে তেওঁলোকৰ প্ৰাপ্যৰ দৰমহাৰ পৰাও বঞ্চিত হৈ অহাত তেওঁলোকে তেওঁলোকৰ পৰিয়ালক এতিয়া দুবেলা দুমুঠি খুৱাবলৈও অক্ষম হৈ পৰিছে। ৰ’দ বৰষুণকো প্ৰত্যাহ্বান জনাই ৰাইজৰ বাবে বিদ্যুৎ সেৱা সুচল কৰি অহা এই সকল অস্থায়ী কৰ্মচাৰীৰ প্ৰতি  সহানুভূতি নঘটিল চৰকাৰ তথা বিদ্যুৎ বিভাগৰ৷ বছৰ-বছৰ ধৰি সাক্ষাৎকাৰৰ অপেক্ষাত থকা এই সকল অস্থায়ী কৰ্মচাৰীৰ প্ৰতি অৱশেষত প্ৰতাৰণা হে কৰিলে বিদ্যুৎ বিভাগে।

শেহতীয়াভাৱে APDCL ৰ পৰিচালন সঞ্চালকৰ কাৰ্যালয়ৰ পৰা সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ জনোৱা তালিকাত নাম নাহিল বোকাখাতৰ এই সকল বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ। যাৰবাবে ক্ষুদ্ধ হৈ পৰা এই সকল বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলে শনিবাৰে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । অতিশীঘ্ৰে সাক্ষাৎকাৰৰ তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনোৱাৰ লগতে অনাদায় দৰমহা মুকলি কৰি নিদিলে ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে এইসকল বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰীয়ে।