ডিজিটেল ডেস্কঃ বলিউড আৰু সৰুপৰ্দাত মা আৰু শাহুৱেকৰ ভূমিকাত অৱতীৰ্ণ হৈ সকলোৰে এক পৰিচিত মুখ হৈ পৰা ৰীমা লাগুৰ বুধবাৰে নিশা ৩ বাজি ১৫ মিনিটত দেহাৱসান ঘটে। হৃদৰোগত আক্ৰান্ত জনপ্ৰিয় অভিনেত্ৰীগৰাকীক ভালেমান দিন ধৰি মুম্বাইৰ কোকিলাবেন হস্পিতালত ভৰ্তি হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ।

ৰাজশ্ৰী প্ৰডাক্সনৰ বেনাৰত প্ৰায়ে কাম কৰা ৰীমা লাগু ভালেকেইখন ছবিত চলমান খানৰ মাকৰ ভূমিকাত দেখা গৈছিল। তদুপৰি সৰুপৰ্দাত 'শ্ৰীমান আৰু শ্ৰীমতী’ তথা 'টু টু মে মে’ আদি ধাৰাবাহিকৰ অভিনয়ৰ বাবেও জনপ্ৰিয় হৈ পৰিছিল।

হিন্দী চিনেমাৰ উপৰিও ভালেমান মাৰাঠী ছবিতো দেখা গৈছিল অভিনেত্ৰীগৰাকীক। অভিনেত্ৰীগৰাকীয়ে জীয়ৰী মৃণ্ময়ীৰ সৈতে মুম্বাইত বাস কৰি আছিল। আজি দিনৰ ভাগত মুম্বাইতে ৰীমাৰ শেষকৃত্য সমাপন কৰা হ’ব।