মঙলদৈঃ আৰক্ষীৰ বোমা উদ্ধাৰ কৰিলে আৰক্ষীয়ে৷ হয়, খোদ আৰক্ষীয়ে ৰখা বোমাটো ডাষ্টবিনৰ পৰা আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে মঙলদৈত৷ মঙলদৈ চহৰৰ মাজমজিয়াত আজি হঠাৎ লাগে দৌৰা দৌৰি৷ কোনেও একো নাজানে, মাথো সকলোৰে মনত ভয়, আশংকা৷

কোনোৱে কৈছে বোমাত ওলোৱা বুলি শুনিছো। কোনোৱে কৈছে বোমা পাইছে আৰক্ষীয়ে৷ নানা জনৰ মুখত নানা কথা৷ সকলোৱে উৎসুক হৈ পৰাৰ লগতে আতংকিত হৈ পৰে৷ কিছু সময় পাছতে জাৱৰ-জোথৰ পেলোৱা এটি ডাষ্টবিন আৰক্ষীয়ে তন্ন তন্নকৈ চাবলৈ ধৰিছে৷

লাহে লাহে খবৰ ৰাষ্ট্ৰ হ’ল৷ মানুহে জুম পাতি দৃশ্য চাবলৈ ধৰাৰ সময়তে আৰক্ষীয়ে জাৱৰৰ দমৰ পৰা এটি বোমা উদ্ধাৰ কৰে৷ ৰাইজ শংকিত হৈ পৰাৰ সময়তে আৰক্ষীয়ে ৰাইজক কলে এই বোমাটো আমিয়ে ৰাখিছিলো৷ ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে বোমাটো আৰক্ষীয়ে সংস্থাপন কৰি প্ৰতিকী বোমা উদ্ধাৰ কৰি ৰাইজক সজাগ কৰাৰ চেষ্টা চলায় আৰক্ষীয়ে৷

এখন মটৰচাইকেলত বোমা বান্ধি উদ্ধাৰৰ নাটক ৰচাৰ লগতে বৰপুখুৰী পাৰৰ ডাষ্টবিনৰ পৰা সেনা-আৰক্ষীয়ে উদ্ধাৰ কৰে বোমাটো। চহৰৰ মাজমজিয়াত সংঘটিত এই ঘটনাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যদিও এয়া কেৱল সজাগতাৰ বাবে আছিল৷ বোমাটো প্ৰকৃততে কোনো সন্ত্ৰাসবাদীয়ে সংস্থাপন কৰা নাছিল বুলি কৈ এনে ধৰণৰ ঘটনাত দৌৰা দৌৰি নকৰি আৰক্ষীক সহায় কৰিব লাগে বুলি মত পোষণ কৰে।