
বঙাইগাঁওঃ কেইবাটাও উগ্ৰপন্থী সংগঠনে স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ সময়তে স্বাধীনতা দিৱসৰ পিছদিনা অৰ্থাৎ বুধবাৰে নিশা বঙাইগাঁৱত ৰে’লপথৰ সমীপত এক বোমা বিস্ফোৰণ সংঘটিত হয়৷ বঙাইগাঁও আৰু চাপৰাকাটা ৰে’ল ষ্টেচনৰ মাজত কুঁজিয়ানলাৰ সমীপত ৰে’লপথৰ পৰা প্ৰায় ২৫ মিটাৰ আঁতৰত সংঘটিত হয় এই বিস্ফোৰণ৷
নিশা প্ৰায় ১০.১২ বজাত উক্ত অঞ্চলত বিকট শব্দ আৰু পোহৰৰ সৃষ্টি হয়৷ লগে লগে ৰে’ল আৰক্ষী সষ্টম হৈ পৰে৷ খবৰ দিয়া হয় বঙাইগাঁও আৰক্ষীকো৷ উক্ত পথেৰে ৰে’লসেৱাও বন্ধ কৰি দিয়া হয়৷ ইয়াৰ কিছু সময় পিছতেই উক্ত স্থানত উপস্থিত হয় বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মন আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ আৰক্ষী বাহিনী৷ কিন্তু বহু সময়লৈকে আৰক্ষীয়ে বোমা বিস্ফোৰণৰ কোনো ধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সমৰ্থ হোৱা নাছিল৷
পিছত নিশা ১২.৪০ মান বজাতহে আৰক্ষীয়ে ৰে’লপথৰ পৰা ২৫ মিটাৰমান আঁতৰত বিস্ফোৰিত হোৱা স্থানৰ সন্ধান উলিয়াবলৈ সমৰ্থ হয়৷ বিস্ফোৰণৰ ফলত এটা সৰু গাঁতৰ সৃষ্টি হয়৷ বোমাটো আৰক্ষীয়ে ক্ৰুড বোমা বুলি সন্দেহ কৰিছে৷
কোনে কি কাৰণত এই বিস্ফোৰণ ঘটনা সংঘটিত কৰিলে সেয়া এই পৰ্যন্ত নিশ্চিত হোৱা নাই৷ পাৰ হৈ যোৱা স্বাধীনতা দিৱসত কোনো উগ্ৰপন্থী সংগঠনে এই বিস্ফোৰণৰ টাৰ্গেট লৈছিল বুলি সন্দেহ কৰা হৈছে৷ বিস্ফোৰণ হোৱা ঠাইৰ দুয়োফালে ঘন জংঘল৷
মন কৰিবলগীয়া যে সেই সময়ত উক্ত পথেৰে দুখনহে যাত্ৰীবাহী ৰে’ল আহিবলগীয়া আছিল৷ আনহাতে ইয়াৰ আধা ঘণ্টামান পূৰ্বে মানস ৰাইনো যাত্ৰীবাহী ৰে’লখন উক্ত পথেৰেই পাৰ হৈ গৈছিল৷ এনে অৱস্থাত কোনো যাত্ৰীবাহী ৰে’লক উগ্ৰপন্থীয়ে টাৰ্গেট কৰি লৈছিল নেকি বুলি চৰ্চা হৈছে৷ ৰে’ল বিভাগৰ বিষয়াৰ লগতে ৰে’ল আৰক্ষী আৰু বঙাইগাঁৱৰ আৰক্ষী অধীক্ষকে বঙাইগাঁৱৰ পৰা চাপৰাকাটা ৰে’ল ষ্টেচনলৈকে ৰে’লপথছোৱা পৰিদৰ্শন কৰাৰ পিছতহে ৰে’ল চলাচল পুনৰ আৰম্ভ হয়৷
আৰক্ষীয়ে সকলোবোৰ দিশ পৰ্যবেক্ষণ কৰি আছে বুলি জনাইছে যদিও নিশাৰ আন্ধাৰৰ বাবে সমস্যা হোৱা বুলিও কয়৷ এই ঘটনাই বঙাইগাঁৱত আতংকৰ সৃষ্টি কৰে৷