
newsnextone.com | অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিবাসী মৃন্ময় দাসে বিজ্ঞান শাখাত সপ্তম স্থান দখল কৰি জিলা খনলা সুনাম কঢ়িয়াই আনে৷
বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত সপ্তম স্থান দখল কৰি বঙাইগাঁৱৰ মালেগড়ৰ নিবাসী শিক্ষক টিকেন্দ্ৰ নাৰায়ণ দাস আৰু শিক্ষয়িত্ৰী জয়া দাসৰ পুত্ৰ মৃন্ময় দাসে সুনাম কঢ়িয়াই আনে সমগ্ৰ জিলা খনলৈ৷
৪৭৪ নম্বৰ লাভ কৰি বিজ্ঞান শাখাত সপ্তম স্থান অধিকাৰ কৰে মেধা ছাত্ৰজনে৷ নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা পৰীক্ষাত বহিছিল মৃন্ময়য়ে৷ ভৱিষ্যতে এজন সু-চিকিৎসক হোৱাৰ হেপাঁহ পুহি ৰাখিছে তেওঁ।