চামগুৰিঃ কথা মতে কাম কৰিছে চৰকাৰে৷ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পাঠ্যপুথি যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল চৰকাৰে৷ নগাঁও জিলাৰ চামগুৰিস্থিত ৰূপহী শিক্ষাখণ্ডৰ অধীনৰ প্ৰাথমিক স্তৰৰ বিদ্যালয়সমুহত বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ অনুষ্ঠান বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়৷

অসম সৰ্বশিক্ষা অভিযান মিছন আৰু ৰূপহী খণ্ড মিছন সমন্বয়কৰ সৌজন্যত ২০১৮ শিক্ষা বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ উপলক্ষে সোণাৰিবালী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ৰূপহী শিক্ষা খণ্ডৰ শিক্ষা বিষয়া আবুল কাছেমে৷

ৰূপহী শিক্ষা খণ্ডৰ সহঃ পৰিদৰ্শক শংকৰ ছেত্ৰীয়ে আঁতধৰা সভাখনত প্ৰাক্তন অধ্যক্ষ প্ৰদীপ দাস, শিক্ষা বিষয়া ননী দাসগুপ্তা, দুৰ্লভ পৱন বৰুৱা, ইলুৰা শইকীয়া, মনজিতা বৰঠাকুৰ, সোণাৰিবালী মধ্য ইংৰাজী বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হৰেন চন্দ্ৰ মহন্তকে ধৰি কে'বাজনো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে৷

সভাত ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ ৰূপহী টাউন মোক্তাৱ স্কুলৰ প্ৰধান শিক্ষক তথা দলিত সাহিত্য একাডেমী ড০ বি আৰ আম্বেদকাৰ ২০১৭ ৰাষ্ট্ৰীয় সাহিত্য বঁটা প্ৰাপ্ত চফিকুল ইছলামক শিক্ষাখণ্ডটোৰ পৰা সম্বৰ্ধনা জনোৱা হয়৷ বিনামূলীয়া পাঠ্যপুথি বিতৰনৰ শুভাৰম্ভ অনুষ্ঠানত সোণাৰিবালী মধ্য ইংৰাজী বিদ্যালয়, সোণাৰিবালী প্ৰাথমিক বিদ্যালয়, ২২ নং শিঙিয়া হাতীগাঁও প্ৰাথমিক বিদ্যালয়, হাতীগাঁও প্ৰাথমিক বিদ্যালয়, বৰঘাট এম ই স্কুলকে ধৰি কে'বাখনো বিদ্যালয়ত বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰা হয় বুলি জানিব পৰা গৈছে৷