বৰপেটাঃ একাংশ সমাজ সচেতন লোকে ছচিয়েল মিডিয়াক ব্যাপক জনমত গঢ়াত ব্যৱহাৰ কৰি আহিছে৷ সমানে সমানে ফেচবুকৰ জড়িয়তে লগ পোৱা বহু মনুহক একত্ৰিত হৈ সাহিত্য চৰ্চা কৰি অহা পৰিলক্ষিত হৈছে৷

তেনে এটা ব্যতিক্ৰম গ্ৰু হৈছে নামনি অসমৰ বৰপেইটা ফেচবুক ফ'ৰামষ এই ফৰামৰ সৈতে জড়িত লোকসকলে অনুষ্ঠিত কৰিব দ্বিতীয় বৰপেটা গ্ৰন্থ উৎসৱৰ ৷ গ্ৰন্থ উৎসৱ পৰিচালনা কৰাৰ বাবে উপহাৰ কুপন খেলখন অনুষ্ঠিত কৰে ফৰামে৷

অধিবক্তা ৰাধিকানন্দ দাস, বিশিষ্ট সাংবাদিক অশোক কুমাৰ দাস, বৰপেটাৰ অতিকৈ অগ্ৰণী ক্লাৱ ৰাইনোৰ নৃপেন দাস, বিশিষ্ট চিকিৎসক কমল কৃষ্ণ দাস, বিশিষ্ট চিকিৎসক তথা সমাজকৰ্মী ডা০ ছৈয়দ জাদিদে অনুষ্ঠানটোক সহায় সহযোগ আগবঢ়ায়।

গ্ৰন্থ উৎসৱৰ আৰ্থিক দিশত সহায় কৰাৰ লগতে উপহাৰ কুপন খেল অনুষ্ঠিত কৰাক সহায় কৰে জিলা খনৰ অন্যতম সমাজিক অনুষ্ঠান ক্লাৱ ৰাইনো, বৰপেটা প্ৰেছ ক্লাৱে৷ দ্বিতীয় বৰপেটা গ্ৰন্থ উৎসৱ সমিতিয়ে  অহা ৬-১১ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া বৰপেটা গ্ৰন্থ উৎসৱত সকলোৰে উপস্থিতি-সহযোগ কামনা কৰা৷