
গোৰেশ্বৰঃ গ্ৰন্থ হল আমাৰ ভৱিষ্যত জীৱনৰ মূল চাবিকাঠি। কাৰন গ্ৰন্থ অধ্যয়নৰ দ্বাৰা আমি জ্ঞান অৰ্জন কৰিব পাৰো আৰু সেই জ্ঞানেই আমাক ভৱিষ্যতত সফল নাগৰিক নতুবা বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সাহস যোগায়৷
বৰ্তমান ম’বাইল আৰু কম্পিউটাৰৰ যুগত যুৱ প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ জনপ্ৰিয়তা হ্ৰাস পোৱাত এক প্ৰকাৰ চিন্তিত হৈ পৰিছে সচেতন মহল৷ তাৰ মাজতে বাক্সা জিলাৰ গোৰেশ্বৰত ২২, ২৩ আৰু ২৪ জানুৱাৰীত "কস্তুৰী" ৰ উদ্যোগত গোৰেশ্বৰ গ্ৰন্থ উৎসৱ অনুষ্ঠিত হ'ব।
গ্ৰন্থ উৎসৱৰ বাবে ইতিমধ্যে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাক সভাপতি, লক্ষী ৰাজবংশীক কাৰ্যকৰী সভাপতি, হৰেন্দ্ৰ নাথ শৰ্মাক উপ সভাপতি, দীপাংকৰ দাসক সম্পাদক আৰু মলয় কুমাৰ ডেকাক সহকাৰী সম্পাদক হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হৈছে ।
গোৰেশ্বৰ গ্ৰন্থ উৎসৱৰ সৈতে সংগতি ৰাখি পৰিচালনা সমিতিয়ে ইতিমধ্যে গ্ৰন্থ আৰু পাঠকক ওচৰ চপাই অনাৰ বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰিছে। পৰিচালনা সমিতিৰ সম্পাদক দীপাংকৰ দাসে জনোৱা মতে - মূল কাৰ্য্যসূচী হিচাপে ২২ জানুৱাৰীত দিনৰ ১ বজাত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হ'ব।
স্থানীয় লেখক - লেখিকাৰ কমেও দহ খন গ্ৰন্থ এই অনুষ্ঠানতে উন্মোচন কৰা হ'ব। ২ বজাত জাতীয় সাজপাৰ পৰিধান প্ৰতিযোগিতা আৰু ৫. ৩০ বজাত আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ২৩ জানুৱাৰীত পুৱা ৯ বজাত ছাত্ৰ- ছাত্ৰীৰ সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা আৰু দিনৰ ১১ বজাৰ পৰা সদৌ অসম ভিত্তিত ভূপেন হাজৰিকা সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।
সন্ধিয়া অনুষ্ঠিত হ'ব কস্তুৰী মেল। ২৪ জানুৱাৰীত পুৱা ১০ বজাত শিক্ষানুষ্ঠানৰ সমূহৰ মাজত আয়োজিত হ'ব শোভাযাত্ৰা প্ৰতিযোগিতা । শোভাযাত্ৰাৰ বিষয় - "নিৰক্ষৰতা আৰু অন্ধবিশ্বাস সমাজৰ প্ৰগতিৰ অন্তৰায়।" ইয়াৰ পিছত মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব। সন্ধিয়া বিশেষ সাংস্কৃতিক সন্ধিয়াৰে গ্ৰন্থ উৎসৱৰ সামৰণি পৰিব।