26
Jul
2017

গুৱাহাটীঃ প্ৰদীপ ভূঞাৰ ‘কাপোৰত ছাপ মৰা কলা’ নামৰ এখন গ্ৰন্থ মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়৷ বস্ত্ৰ সংসাধনৰ লগতে ক্ষুদ্ৰ উদ্যোগৰ লগত জড়িত মহিলা সকলক দিকদৰ্শন কৰি অধিক স্বাৱলম্বন কৰাৰ উদ্দেশ্যে প্ৰদীপ ভূঞাই লিখি উলিয়াইছে 'কাপোৰত ছাপ মৰা কলা' নামৰ গ্ৰন্থ খন।
মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এই গ্ৰন্থ খন উন্মোচন কৰা হয়৷ প্ৰতিশ্ৰুতিৰ মূখ্য সম্পাদক কাবেৰী কছাৰী ৰাজকোৱৰ, ভাৰত চৰকাৰৰ শিপিনী সেৱা কেন্দ্ৰৰ সহকাৰী সঞ্চালক সৰ্বেশ্বৰ দাস, ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ মূখ্য বিষয়া শ্ৰীপৰ্ণা বি বৰুৱা, পেঞ্চনাৰ সন্থাৰ সম্পাদক দীনেশ চন্দ্ৰ দত্তই গ্ৰন্থ খন উন্মোচন কৰে।