newsnextone.com | নগাঁওঃ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিজেপি দলৰ চৰকাৰ খনে ব্যস্ত থাকিব লাগিছিল জনসেৱাত৷ কিন্তু জনসেৱাৰ পৰিবৰ্তে এতিয়া জাত-পাত, ধৰ্ম, হিন্দু মুছলমানক লৈ ব্যস্ত হৈ পৰিছে৷ জনসেৱাৰ পৰিবৰ্তে এতিয়া তোষামোদৰ ৰাজনীতিত ব্যস্ত হৈ পৰিছে মন্ত্ৰী-বিধায়ক৷

কেতিয়াবা দলৰ নেতাৰ আদৰ্শ প্ৰতিষ্ঠা কৰাৰ বাবে ৰাজ্যত স্থাপন হ’বলগীয়া মহাবিদ্যালয়ৰ নাম নিজ দলৰ নেতাৰ নামত কৰা, কেতিয়াবা বংলাদেশৰ পৰা হিন্দু আনি অসমৰ মুছলমানৰ সৈতে ফেৰ মৰা নতুবা সমকক্ষ হোৱাৰ সপোন বাস্তৱায়িত কৰাৰ বাবেহে চিন্তা জাহিৰ কৰে চৰকাৰৰ মন্ত্ৰী-বিধায়কে৷

শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক অসমত জাপি দি অসমৰ অস্তিত্বৰ প্ৰতি ভাবুকি সৃষ্টি কৰি অসমত হিন্দু বাংলাদেশী সংস্থাপন কৰিব বিচাৰে ভাৰত-অসমৰ চৰকাৰে৷ দুয়ো খন চৰকাৰে এতিয়া যেন জনবিৰোধী কামেৰে বিতৰ্কিত থাকিহে ভাল পােৱা হৈছে৷ নিজৰ বিভাগ চলোৱাত ব্যৰ্থ হোৱা মন্ত্ৰীসকলে এক প্ৰকাৰ সমস্যাৰ পৰা পলায়ণ কৰিছে৷ বিমুদ্ৰাকৰণৰ বাবে দেশৰ ৰাজকোষ উদং হোৱাৰ ফলত ৰাইজ তথা উন্নয়ণৰ কামৰ পৰা মন্ত্ৰী-বিধায়কে দূৰে দূৰে থকা বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ 

কিন্তু নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাত কিছুমান বিতৰ্কিত কথা কৈ মনোযোগ অইন দিশে নিব বিচৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ ৰাজ্যত একালৰ দক্ষ মন্ত্ৰী হিচাপে বুকু ফিন্দাই থকা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এতিয়া হয়তো দক্ষ মন্ত্ৰী হিচাপে দাবী কৰিব নোৱাৰিব৷ কিয়নো মন্ত্ৰীগৰাকীৰ বিভাগত এতিয়া জনসেৱাৰ বাবে নাই চিকিৎসক, নাৰ্ছ, পৰ্যাপ্ত সা-সুবিধা৷ ফলত গ্ৰাম্য এলেকাৰ ৰোগীয়ে হাহাকাৰ কৰিব লগা হয়৷

ৰাজ্যত বিভিন্ন প্ৰান্তত ১৬ বছৰীয়া কাৰ্যকালত হিমন্ত বিশ্ব শৰ্মাই অগণন চিকিৎসালয় স্থাপন কৰিছে যদিও সেই সমূহ চূণ-তেল সানি থিয় কৰি থৈছে যদিও গেটৰ তলা খুলিব পৰা নাই৷ চিকিৎসক নাৰ্ছ নিযুক্তি দিয়াটো দূৰৰ কথা এতিয়া হাবি-জংঘলে আৱৰি ধৰিছে চিকিৎসালয় সমূহ৷ ৰাজকোষৰ তলি উদং কৰি কোটি কোটি টকা খৰছ কৰা মন্ত্ৰীগৰাকীয়ে গ্ৰাম্য অঞ্চলৰ স্বাস্থ্য বিভাগৰ প্ৰকৃত ছবিখন পৰিৱৰ্তন কৰিবলৈ সমক্ষ হোৱা নাই বুলি অভিযোগ উত্থাপন হয়৷ 

তাৰ মাজতে স্বাস্থ্য বিভাগৰ নগ্ন প্ৰতিছবি খন উন্মোচিত কৰিছে নগাঁও জিলাৰ ১নং বৰালিমাৰী উপ-স্বাস্থ্য কেন্দ্ৰই৷ যি সময়ত ৰাজ্যৰ পৰিবৰ্তনশীল চৰকাৰ খনে সৰ্বত্ৰে উন্নয়ন হোৱা বুলি ফটা-ঢোল কোবাই আহিছে সেই সময়ত গ্ৰাম্য অঞ্চলৰ কেনেধৰণৰ পৰিবৰ্তন হৈছে সেয়া ১নং বৰালিমাৰী উপ-স্বাস্থ্য প্ৰত্যক্ষ কৰিলেই জানিব পৰা যাব৷

নগাঁও জিলাৰ দগাওঁ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ১নং বৰালিমাৰী উপ-স্বাস্থ্য কেন্দ্ৰত প্ৰায় ১ বছৰ ধৰি এজনো চিকিৎসক উপস্থিত নোহোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। অঞ্চলটোৰ লোকসকলে অভিযোগ কৰা মতে চিকিৎসালয় খনত সুন্দৰ গৃহ থিয় হৈ আছে যদিও চিকিৎসক-নাৰ্ছ নাই৷ সদায় দুৱাৰত তলা ওলমি থাকে৷ ৰোগী আহি বোন্দা পৰ দি উভতি যাব লগা হয়৷ 

ৰাইজে চিকিৎসক নিযুক্তি দিবলৈ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই৷ চৰকাৰৰ মন্ত্ৰীয়ে সভা সমিতিয়ে ভাষণ প্ৰদান কৰি ইটো কৰিছো সিটো কৰিছো বুলি কৈ আহিলেও গ্ৰাম্য অঞ্চলৰ স্বাস্থ্য খণ্ডৰ লগতে বিশুদ্ধ খোৱাপানী, ৰাস্তা-ঘাট, শিক্ষা, জলসিঞ্চন আদিত ফেইল হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷

আনহাতে যোৱা ১১ মে’ত ১নং বৰালিমাৰী উপ-স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ অনিয়মীয়া উপস্থিতিৰ অভিযোগ তথা চিকিৎসকৰ নিয়মীয়া উপস্থিতি দাবী কৰি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বৰালিমাৰী-ফুৰহানিআটি আঞ্চলিক সমিতিৰ সভাপতি ফকৰুল ইছলাম আৰু সম্পাদক এমদাদুল হকে এখন স্মাৰক পত্ৰ নগাঁও জিলা উপায়ুক্তক প্ৰদান কৰে।