28
Feb
2019

বৰদলনিঃ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা এক কিল’মিটাৰ নিলগৰ ধেমাজি জিলা বৰদলনি চৌখাম গাঁওখনলৈ আজিও চৰকাৰৰ চকু দিবলৈ সময় নাই। চৌখাম গাঁৱৰ মাজ মজিয়াতে থকা বাঁহৰ দলংখনেই এতিয়া গাঁওবাসীৰ যাতায়াতৰ বাবে কণাৰ লাখুটি, একমাত্ৰ অৱলম্বন হৈছে।
এই দলঙৰ ওপৰেদি কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে ৭০ টা পৰিয়ালৰ লোকে অহা-যোৱা কৰিবলৈ বাধ্য। বছৰ বছৰ ধৰি গাঁওবাসীয়ে নিজে শ্ৰমদান কৰি বাঁহৰ দলংখন সাজি লৈ আৰু মাজে মাজে মেৰামতি কৰি যাতাযাত কৰি আহিছে।
উল্লেখ্য যে বাঁহৰ দলঙৰ পৰিৱৰ্তে এখন পকী দলং নিৰ্মাণৰ কৰিবৰ বাবে চৰকাৰৰ ওচৰত বহুবাৰ আবেদন-নিবেদন কৰিও এতিয়ালৈকে কোনো সু-ফল নোপোৱাত গাঁওবাসী ক্ষুব্ধ হৈ পৰিছে। চৰকাৰৰ ‘সব কে চাথ সব কে বিকাশ’ বৰদলনি চৌখাম গাঁৱত প্ৰযোজ্য হয় নে নহয়, সেয়া স্থানীয় ৰাইজে লক্ষ্য ৰাখিছে।