বৰদোৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰম্ভ কৰা অতীতৰ ৰীতি-নীতি আৰু পৰম্পৰা অনুসৰি এইবেলিও পাঁচদিনীয়াকৈ আয়োজিত শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা মহোৎসৱৰ আজি তৃতীয় দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে থান প্ৰাংগন জনসমুদ্ৰত পৰিণত হৈ পৰিছে ৷

প্ৰথম দিনাৰে পৰা আজি পৰ্যন্ত সমবেত হোৱা প্ৰায় ৫ লক্ষাধিক শিশু-আৱাল-বৃদ্ধ-বণিতাৰ উপস্থিতিত সমগ্ৰ বৰদোৱা অঞ্চলত উখল-মাখল পৰিবেশৰ সৃষ্টিৰে একপ্ৰকাৰে সমন্বয় ক্ষেত্ৰলৈ পৰ্যবেক্ষিত হৈছে৷ দবা, শংখ, আয়তীৰ উৰুলি, গায়ন-বায়নৰ খোল-তালৰ মাংগলিক ধ্বনি আৰু জাউৰিয়ে জাউৰিয়ে গোৱা হোলী গীতৰ লগতে হৰিনামৰ মন-প্ৰাণ হৰি নিয়া সুৰে বৰদোৱাৰ আকাশ-বতাহ মুখৰিত কৰি তুলি দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত কৰিছে ৷তদুপৰি দুৰ-দুৰণিৰ পৰা আহি সমবেত হোৱা অগণন ভক্তই নিজৰ মনোবাঞ্চা পূৰণাৰ্থে আগবঢ়োৱা ধূপ-ধুনা,ফল-মুলৰ আমোল-মোলোৱা সুবাস আৰু চাকি-বন্তি,নৈবদ্য আদিৰে থান প্ৰাংগণ ভৰি পৰি অনন্য পৰিবেশৰ সূচনা কৰিছে ৷

ইফালে,পুৱা নিত্য নৈমিত্তিক প্ৰসংগৰ অন্তত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ অংশ হিচাপে বিয়লি ভাগত সু-সৰ্জ্জিত ৰথত গোঁসাইক উঠাই ৰভাতলৰ পৰা ফুৰাবলৈ নিয়া হয় ৷গায়ন-বায়ন,ভকত-বৈষ্ণৱ,আইমাতৃ আৰু ধৰ্ম-বৰ্ণ-জাতি নিৰ্বিশেষে উপস্থিত থকা শত-সহস্ৰ তীৰ্থযাত্ৰীৰ অংশগ্ৰহনেৰে এটি মনোমোহা সাংস্কৃতিক সমদল উলিয়াই গোঁসাইক দৌলমন্দিৰলৈ নি আনুসংগিক ধৰ্মীয় আচাৰ-নীতিৰ পালনেৰে দৌলমন্দিৰ প্ৰদক্ষিণ কৰোৱা হয়৷

এই আকৰ্ষণীয় দৃষ্টিনন্দন কাৰ্যসূচীত বটদ্ৰৱাৰ শ্ৰী শ্ৰী নৰোৱা সত্ৰ আৰু শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ গায়ন-বায়ন আৰু আইসকলে বিভিন্ন অসমীয়া কলা-কৃষ্টি প্ৰদৰ্শনেৰে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে ৷ইয়াৰ পিছতে গোঁসাইক বটদ্ৰৱা থানৰ এলেকাভুক্ত বৰহিচা,সৰুহিচা আৰু বৰভেটী গাঁৱত ফুৰোৱাৰ উপৰি সত্ৰদুখনৰ দুই সত্ৰাধিকাৰ আৰু ডেকা গোঁসাইসকলৰ ঘৰত প্ৰৱেশ কৰাই সন্ধ্যা ঘোষা আৰু হৰিনাম-কীৰ্তনৰ ধ্বনিৰে চৌপাশ ৰজন-জনাই গোঁসাইক কীৰ্তন ঘৰত প্ৰৱেশ কৰোৱাৰ পিছতে পৰম্পৰাগত দুৱাৰ ধৰা অনুষ্ঠানৰ জৰিয়তে গোঁসাই ফুৰোৱা উৎসৱৰ সামৰণি পেলোৱা হয়।