24
Sep
2017

বৰক্ষেত্ৰীঃ নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ লোহাৰকাঠা আদাবাৰী গাঁও পঞ্চায়তত ১৫ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চলি আছে ভাৰত চৰকাৰৰ স্বচ্ছতাই সেৱা অভিযান।
এই উপলক্ষ্যে আজি পঞ্চায়তখনৰ ৰাইজে শ্ৰমদান কাৰ্যসূচী পালন কৰে৷ ৰাইজে শ্ৰমদান কৰি ভাৰত চৰকাৰৰ স্বচ্ছতা অভিযানৰ অনাময় শৌচাগাৰ নিৰ্মান কৰে৷
আজি আয়োজন কৰা কার্যসূচীত উপস্থিত থাকে নলবাৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানীৰ লগতে বিভাগীয়া বহু বিষয়া কৰ্মচাৰী, পঞ্চায়ত সভাপতি আৰু স্থানীয় লোকসকল।