
বৰনদ্দীঃ নলবাৰী বিদ্যুৎ সংমণ্ডলৰ অধীনত উপসংমন্ডল-২ৰ নলবাৰী পয়লাৰ কাৰিকৰী বিভাগৰ কৰ্মচাৰীসকলে এটা বৈদ্যুতিক প্ৰজেক্টৰ কাম পেলনীয়া সামগ্ৰী তথা বাঁহেৰে নিৰ্মাণ কৰি উলিয়ায়। উক্ত আৰ্হিটোত পাৱাৰ গ্ৰীডৰপৰা ১৩২ হাজাৰ ভল্টৰপৰা ষ্টেপডাউন ট্ৰেন্সফৰ্মাৰৰদ্বাৰা ৩৩ কেভি ভল্ট তাৰ পাছত ৩৩ কেভি আৰু ইয়াক ১১ হাজাৰ ভল্টলৈ আৰু ১১হাজাৰ ভল্টৰপৰা ২২০ ভল্টলৈ অবনমিত কৰি উপভোক্তা পৰিয়ালক বিদ্যুত সংযোগ দিয়া হয়।
প্ৰায় ডেৰ মাহৰ কষ্টৰ অন্তত বিভাগটোৰ কৰ্মচাৰীসকলে উক্ত প্ৰকল্পটো সাজি উলিয়ায়। ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱস উপলক্ষে নলবাৰীৰ আৰক্ষী অধীক্ষক খেলপথাৰত আয়োজন কৰা প্ৰদৰ্শনীমূলক প্ৰতিযোগিতাত পেলনীয়া সামগ্ৰী তথা বাঁহ-বেতেৰে নিৰ্মাণ কৰা উক্ত আৰ্হিতো প্ৰদৰ্শন কৰা হ’ব।