বৰনদ্দীঃ গ্ৰাম্যাঞ্চলৰ কল্যানৰ হকে দীৰ্ঘদীন কাম তথা বাতৰি পৰিৱেশন কৰা স্বীকৃতি স্বৰূপে সদৌ অসম সাংবাদিক সন্থাৰ সাংগঠনিক সম্পাদক তথা নলবাৰী কাজিপাৰা নিবাসী নিপজোতি মেধিলৈ সৃষ্টিৰ পদাতিকৰ তৰফৰপৰা এই বছৰৰ বৰ্ষশ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। আজি গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত বঁটা প্ৰদান কৰা হয়।