বৰনদ্দীঃ চলিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ নলবাৰীৰ এগৰাকী পৰীক্ষাৰ্থী সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সন্ধানহীন হোৱা ছাত্ৰীগৰাকী নাজমিন আখতাৰা (১৬) বুলি জনা গৈছে৷ নলবাৰী চহৰৰ কলা ফকিৰতোলাৰ মুকুট আলীৰ কন্যা নাজমিনে যোৱা ১৭ ফেব্ৰুৱাৰীৰ নিশাৰপৰা সন্ধানহীন হৈ আছে৷ 

ইপিনে ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃয়ে নলবাৰী সদৰ থানাত তেওঁৰ কন্যাক অপহৰণ কৰি নিয়া বুলি এজাহাৰ দিছে৷