06
Mar
2019

বৰনদ্দীঃ মঙলবাৰে সন্ধিয়া পশ্চিম নলবাৰী অঞ্চলত উত্তৰ পশ্চিম দিশৰপৰা প্ৰচণ্ড জোৰেৰে বলা বতাহ আৰু বৰষুণৰ ফলত ঠায়ে ঠয়ে অনেক ক্ষতি হোৱাৰ বাতৰি পোৱা গৈছে।
অঞ্চলটোৰ বিভিন্ন ঠাইত চলি থকা শিৱ পূজাৰ পেণ্ডেলসমূহ উৰুৱাই নিয়াৰ লগতে ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী বতাহ-বৰষুণৰ ফলত বাতিল কৰিলগীয়া হয়।
আনহাতে কৃষক ৰাইজে নতুনকৈ সিঁচা খাৰিফ শষ্য জিকা, ভেণ্ডিৰ পুলিসমূহো চূৰ্চুমৈ কৰি থৈ যায়। ইপিনে ধৰ্মপুৰ সমষ্টিৰ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে লখোপুৰৰ বুঢ়াদিয়া নদীৰ ওপৰৰ কংক্ৰিটৰ দলং নিৰ্মাণৰ আনুষ্ঠানিক কাৰ্যসূচী অনুষ্ঠানৰো অস্থায়ী পেণ্ডেল গৃহও বতাহে উৰুৱাই নিয়ে।