
বৰনদ্দীঃ 'অসমীয়া ভাষা সাহিত্যত জাতীয়তাবাদ’ শীৰ্ষক আলোচনা চক্ৰ এখন নলবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰে আভ্যান্তৰিণ মান নিশ্চিতকৰণ কোষৰ সহযোগত যোৱা ২৬ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচনা-চক্ৰ অনুষ্ঠিত হৈ যায়।
মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভবেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ সঞ্চালনাত অনুষ্ঠিত 'অসমীয়া ভাষা-সাহিত্যত জাতীয়তাবাদ’ শীৰ্যক আলোচনা-চক্ৰখন উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ শৈলেন ভৰালীয়ে। উক্ত আলোচনা-চক্ৰত নিৰ্বাচিত পঞ্চাশখন গৱেষণা-পত্ৰ সন্মিলিত এখন গ্ৰন্থ উন্মোচন কৰা হয়।