05
Jun
2019
দিগন্ত বৰ্মণ, বৰনৰ্দ্দী

বৰনৰ্দ্দীঃ নলবাৰীত এতিয়া চোৰৰ টিঘিল ঘিলনী চলিছে। মঙলবাৰে কিছুদিনৰপৰা নলবাৰীৰ বিভিন্ন প্ৰান্তত সঘনাই চুৰিকাণ্ড সংঘটিত হৈ থকাৰ সময়তে সোমবাৰে নিশা চহৰৰ কলেজ পথৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত চুৰিকাণ্ড সংঘটিত হয়।
উল্লেখযোগ্য যে, সদা ব্যস্ত নলবাৰী চহৰত আৰক্ষী-নিৰাপত্তা ব্যৱস্থা গিজ্গিজাই থকাৰ সময়তে মঙলবাৰে নিশা কলেজ পথৰ 'দীপক ষ্টোৰ' নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ পিছফালৰ দৰ্জাৰ হুক ভাগি ভিতৰত প্ৰৱেশ কৰি চোৰৰ দলে এটা টিভি, ষ্টেচনাৰী সামগ্ৰীকে ধৰি প্ৰায় ৫০ হাজাৰ টকাৰ বয়-বস্তু লুট কৰি নিবলৈ সক্ষম হয়। পিছত ঘটনা সন্দৰ্ভত নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।