দিগন্ত বৰ্মণ, বৰনৰ্দ্দী

বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ অঞ্চলৰ ১৬ খন হাইস্কুলৰ দশমশ্ৰেণীত অধ্যয়ন কৰা চৰকাৰী শিক্ষানুষ্ঠানৰ ৭১১ গৰাকী শিক্ষাৰ্থী নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই নিজৰ দৰমহাৰ ধনৰে পুৰ্বৰদৰে ঘগ্ৰাপাৰ হৰিমন্দিৰত প্ৰাগংনত বুধবাৰে (ছাজেইছন) কিতাপ একোখনকৈ বিতৰণ কৰে।
সিদিনা দুপৰীয়া বড়িগোগ বনভাগ শিক্ষা খন্ডৰ শিক্ষা বিষয়া ৰাজেন্দ্ৰ কলিতাই সভাপতিত্ব কৰা সভাখনৰ উদেশ্য বাখ্যা কৰে শিক্ষক দীপক শৰ্মাই।সভাৰ কিতাপ বিতৰন অনুষ্ঠানত বিধায়ক অশোক শৰ্মাই ভাষনত কয় সমষ্টিৰ চৰকাৰী শিক্ষানুষ্ঠাসমূহৰ দশম শ্ৰেণীৰ বিদ্যাৰ্থীৰ অধ্যয়ন সুবিধাৰ অৰ্থে তেওঁৰ দৰমহা ধনৰে একেবাৰে তৃতীয়বছৰতো একোখন ছাজেইছন বিতৰন কৰি ছাত্র-ছাত্ৰীক উৎসাহিত কৰি তোলে।
অনুষ্ঠানটোত সমল ব্যাক্তি (চি আৰ,চি,চি) সুভাষ বৰ্মন, অৱসৰী কৃতি শিক্ষক ইব্ৰাহীম আলীকে ধৰি বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ বিভিন্নখন হাইস্কুলৰ প্ৰধান শিক্ষক সকল উপস্থিত থাকে। উল্লেখ্য যে, বিধায়ক অশোক শৰ্মাৰ এনে পদক্ষেপ অঞ্চলটোৰ শৈক্ষিক মহলে শলাগ কৰিছে।