22
Apr
2019

বৰনৰ্দ্দীঃ নলবাৰীৰ আগশাৰীৰ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সহকাৰী শিক্ষক তথা সমাজ সংগঠক প্ৰফুল্ল গোস্বামীৰ শনিবাৰে আবেলি ৫ বজাত খাৰজাৰা শক্তিনগৰৰ নিজা বাসভৱনত ৭২ বছৰ বয়সত দেহাৱসান ঘটে।
অতি নম্ৰ স্বভাৱৰ গোস্বামী কিছুদিন ধৰি স্নায়বিক ৰোগত ভুগি আছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ পুত্ৰ ডাঃ দিগন্ত গোস্বামী, বোৱাৰী নলবাৰী মহাবিদ্যালয়ৰ প্ৰৱক্তা বিনীতা দেৱী, এগৰাকী জী-জোঁৱাই, কেইবাগৰাকী নাতি-নাতিনীকে ধৰি অনেক গুনমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।
গোস্বামীৰ মৃত্যুত নলবাৰী চহৰকে ধৰি জন্মগাঁও কটৰা সত্ৰত গভীৰ শোকৰ ছাঁ পৰে।