দিগন্ত বৰ্মণ, বৰনৰ্দ্দী

 

বৰনৰ্দ্দীঃ অসমত বৃহৎ নদীবান্ধ বন্ধ আৰু সাধৰণ নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুনিশ্চিত নিৰাপত্তাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সৰব হৈ উঠিল। ইয়াৰ অন্যতম কাৰ্যসূচী অনুসৰি সমগ্ৰ অসমতে আজি দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ 

নলবাৰী জিলা সমিতিয়ো এই অৱস্থান ধৰ্মঘট নলবাৰী চহৰৰ নাট্যমন্দিৰৰ সমীপত পালন কৰে৷ নলবাৰী জিলা সমিতিৰ উপদেষ্টা ব্ৰজেন চৌধুৰী, সাধাৰণ সম্পাদক নিৰোদ দাস, সভাপতি মনোৰম কলিতাকে ধৰি জিলা সমিতিৰ বহুকেইজন বিষয়া, বিভিন্ন আঞ্চলিকৰ সদস্য, আৰু সাধৰণ নাগৰিকিও অংশগ্ৰহণ কৰে আজিৰ এই কাৰ্যসূচীত৷ 

এই কাৰ্যসূচীৰ পৰাই নলবাৰী জিলাৰ সাধৰণ সম্পাদক নিৰোদ দাসে কয় যে, অসমত কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰৰ লগত একে সুৰত সুৰ মিলাই যিধৰণে কাম কৰিবলৈ চেষ্টা কৰিছো এয়া খুবেই দুৰ্ভাগ্যজনক৷ কিয়নো যিটো বান্ধৰ বাবে এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিছিল তাৰ চূড়ান্ত প্ৰতিবেদন আহি নপৰাকৈ যি কাম আৰম্ভ কৰিব ধৰিছে সেয়া উজনি তথা সমগ্ৰ অসমৰ বাবে ভয়াৱহ কাম৷ অতি শীঘ্ৰে বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰক৷ 

ইফালে, নলবাৰী জিলাৰ উপদেষ্টা ব্ৰজেন চৌধুৰীও কয় যে আমি সৰু সৰু নদীবান্ধৰ বিৰোধিতা কৰা নাই কিন্ত বৃহৎ বান্ধৰ বিৰোধিতা কৰিম আৰু সদায়ে কৰি যাম৷ ইয়াৰ উপৰিও এই বান্ধৰপৰা অসমে বিদ্যুত কিমান পাব আৰু এইখিনি বিদ্যুতে সমগ্ৰ অসমৰ অভাৱ দূৰ কৰিব পাৰিবনে৷ এই সকলো কথাবোৰ স্পষ্ট হ’ব লাগিব৷ কাৰণ ইয়াৰ লগত নৈপৰীয়া ৰাইজ আৰু সাধাৰণ নাগৰিকৰ ভৱিষ্যতৰ কথা আছে৷