
বৰপথাৰঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত অবৈধ কয়লা ভৰ্তি ডাম্পাৰ জব্দ৷ নাগালেণ্ডৰপৰা সৰুপানী হৈ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত সোমাওতেই আৰক্ষীৰ জালত পৰে অবৈধ কয়লা ভৰ্তি ডাম্পাৰখন৷
আৰক্ষীয়ে ডাম্পাৰখন উৰিয়ামঘাট থানালৈ লৈ যায় আৰু অবৈধভাৱে কয়লা সৰবৰাহ কৰাৰ বাবে গোচৰ ৰোজু কৰি ডাম্পাৰখনৰ চালক সুশীল বসুমতাৰীক গ্ৰেপ্তাৰ কৰে৷
আৰক্ষীয়ে জব্দ কৰা ASO5 C 6259 নম্বৰৰ ডাম্পাৰখনৰ মালিক হ'ল জিতেন শইকীয়া৷ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি একাংশ কয়লা বেপাৰীয়ে আৰক্ষী আৰু বিভিন্ন পক্ষক মেনেজ কৰি এনেদৰে ধনশিৰি মহকুমাৰ মাজেৰে অবৈধ কয়লা সৰবৰাহ কাৰ্য নিৰ্বিবাদে চলাই যোৱাৰ অভিযোগ আছে৷
কিছুসংখ্যক কয়লা বেপাৰীয়ে উৰিয়াঘাট আৰক্ষী আৰু চি আৰ পি এফক মেনেজ কৰি দিনতেই মহকুমাটোৰ বিভিন্ন স্থানত অবৈধভাৱে কয়লাৰ যোগান ধৰি আহিছে৷
ধনশিৰি মহকুমাত উৰিয়ামঘাট , চুঙাজান, সৰুপথাৰ, বৰপথাৰ আৰক্ষী থানা আৰু নাওজান আৰক্ষী আউটপষ্ট থকাৰ পাছতো কেনেকৈ মহকুমাটোৰ মাজেৰে বিভিন্ন স্থানৰপৰা অবৈধভাৱে অহা কয়লা চুবুৰীয়া ৰাজ্যসমূহলৈ সৰবৰাহ হয় সেই লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সৰুপথাৰত৷