বৰপথাৰঃ গোলাঘাট জিলাৰ সৰুপথাৰৰ ছেৱাগুৰিত ৬ জানুৱাৰীৰপৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ গোলাঘাট জিলা ছাত্র সন্থাৰ অধিৱেশনৰ ৩য় দিনৰ কাৰ্যসূচীৰ মুকলি সভাত অংশগ্রহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।

 
সভাৰ শেষত সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ছাত্র নেতাজনে শেহতীয়াকৈ মঙলবাৰে সদনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্রতত বি জে পি চৰকাৰে যিদৰে হঠকাৰীতাৰে সিদ্ধান্ত গ্ৰহণ কৰিলে, তাক তীব্র ভাষাৰে গৰিহণা দিয়ে৷ 

বি জে পি চৰকাৰখনক ঠগ-প্ৰবঞ্চক বুলি তেওঁ আখ্যা দিয়ে। লগতে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ ঘোষণা কৰা কাৰ্যক এক ৰাজনৈতিক অভিসন্ধি লুকাই থকা বুলি উল্লেখ কৰে৷ বি জে পি তথা চৰকাৰে কেৱল ভোট বেংকৰ স্বাৰ্থতে জনজাতিকৰণৰ বিষয়টোৰ জৰিয়তে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ চেষ্টা চলোৱা বুলি তেওঁ অভিযোগ কৰে। 

এনে কাৰ্যক অসাংবিধানিক আখ্যা দিয়ে ছাত্র নেতাজনে। জাতি মাটি ভেটিৰ শ্ল'গানেৰে ক্ষমতাৰ বাঘজৰী হস্তগত কৰা চৰকাৰখনে বিদেশী খেদিম বুলি কৈ এতিয়া বিপৰীত স্থিতি গ্রহণ কৰিছে। বিজেপি নেতৃত্বাধীন মোডী চৰকাৰক সমালোচনা কৰাৰ লগতে চৰকাৰখনৰ অসম বিৰোধী কাৰ্যক বাধা দিবৰ বাবে অসমৰ জনসাধাৰণক মাৰ বান্ধি ওলাই আহিবলৈ আহ্বান জনায়।