বৰপেটাঃ বৰপেটাৰ চাউলখোৱা নৈত মৃতদেহ উদ্ধাৰ৷ আৱৰ্ত ভৱনৰ ওচৰত নৈত উপঙি থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো৷

মৃত ব্যক্তিজন বৰপেটা চহৰৰ পালাংদিহাটীৰ হৰেণ বৰ্মণ (৬২)৷ বৰ্তমান গান্ধী নগৰৰ জোৱায়েকৰ ঘৰত বাস কৰিছিল লোকজনে৷

তেওঁ বৰপেটা বাছ আস্থানৰ গাড়ীৰ ধন সংগ্ৰাহক আছিল৷ দেওবাৰে নিশা প্ৰায় ৭-৩০ বজাত বাছ আস্থানৰ কাম সামৰি ঘৰলৈ বুলি ওলাই গৈছিল লোকজন৷ 

গান্ধীনগৰৰ পথটো বানত ডুবি থকা বাবে চাউলখোৱাৰ মথাউৰিৰে ঘৰলৈ গৈ থকা অৱস্থাৰ পৰাই সন্ধান নাছিল লোকজনৰ৷

একাংশ লোকে চাউলখোৱা নৈত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল এটা মৃতদেহ৷ তাৰপিছতে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰৰ পিছতে মৃতদেহটো হৰেন বৰ্মন নামৰ লোকজনৰ বুলি চিনাক্ত কৰে স্থানীয় লোকে৷