চুলতান চালেহ আহমেদ, বৰপেটাঃ প্ৰতিদিনে সহস্ৰাধিক যান বাহন যাতায়ত কৰা অতি ব্যস্ত বৰপেটা-দৌলাশাল-হাজো হৈ গুৱাহাটী যোৱা পথটো একাংশ লোকে দীৰ্ঘদিন ধৰি ধান শুকাবৰ বাবে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে৷ 

অঞ্চলটোৰ কিছু সংখ্যক লোকে তলত দিয়া ফটোকেইখনতকৈও ভয়াবহভাৱে ৰাস্তা বন্ধ কৰি ধান মেলি দিয়ে। লগতে ধানবোৰৰ ওপৰৰে গাড়ী মটৰ যাব নোৱাৰাকৈ ডাঙৰ গছ, ড্ৰাম, বল্ডাৰ, ইটাৰে ৰাস্তাৰ মাজ মজিয়াত সীমা বান্ধি দিয়ে। যেন পৈতৃক সম্পত্তিহে। কোনো মাত মাতোতা নাই। 

ইতিমধ্যে বহুকেইটা দুৰ্ঘটনা হোৱা বুলি জানিব পৰা গৈছে। প্ৰশাসনে সোনকালে ব্যৱস্থা নল'লে ভৱিষ্যতে ডাঙৰ বিপদ হোৱাটো খাটাং। প্ৰশ্ন উঠিছে এনেকৈ ৰাস্তাৰ দুয়োটা লেন বন্ধ কৰি বিপদজনকভাৱে ধান খেৰ শুকুৱাই দুৰ্ঘটনাত অৰিহণা যোগোৱা অপৰাধীসকলক নাকী লগাবলৈ প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা লোৱা নাই কিয়। 

নে কিবা ডাঙৰ দুৰ্ঘটনাৰ বাবে অপেক্ষা কৰিছে প্ৰশাসনে!