বৰপেটাঃ বৰপেটা সত্ৰৰ বয়োজ্যেষ্ঠ বায়ন, সংগীত নাটক অকাডেমী বঁটা প্ৰাপক, সত্ৰভূষণ জগন্নাথ বায়ন গুৰুতৰ ভাৱে অসুস্থ৷ সোমবাৰে সন্ধিয়া শ্বাস-প্ৰশ্বাসত কষ্ট পোৱা শিল্পী গৰাকীক ততাতৈয়াকৈ বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হয়৷ 

শিল্পী গৰাকীক ততাতৈয়াকৈ কৃত্ৰিম শ্বাস প্ৰশ্বাস দিবলগীয়া হৈছে৷ ৯৫ বয়সীয়া শিল্পী গৰাকীয়ে বিগত মাহত দিল্লীত ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতৰপৰা সংগীত নাটক অকাডেমী বঁটা গ্ৰহণ কৰিছিল৷ আনহাতে, তেওঁৰ শুভাকাংক্ষী তথা আত্মীয়কলে তেওঁ অতি সোনকালে সুস্থ হ’বলৈ প্ৰাৰ্থনা জনাইছে৷