বৰপেটা​ ৰোডঃ যিসময়ত ৰাজ্যত বানপানীৰ ফলত বহু লক্ষাধিক পৰিয়াল সৰ্বশান্ত হৈ নিজ গৃহ এৰি বিভিন্ন আশ্ৰয় শিবিৰত জীৱন কটাবলগীয়ালগীয়া হৈছে। তেনে আশ্ৰয় শিবিৰত থকা লোকক জিলা প্ৰশাসন সমূহৰ তৰফৰপৰা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লগতে বিভিন্ন দল-সংগঠনেও কিছু সহায়ৰ হাত বান পীড়িতৰ মাজত প্ৰদান কৰি আহিছে। 

ঠিক অনুৰূপ ধৰণে বৰপেটাৰোড আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত বৃহস্পতিবাৰে সৰভোগ সমষ্টিত বানত সৰ্বশান্ত হোৱা লোকক কিছু সকাহ দিয়াৰ বাবে সাহাৰ্য্য প্ৰদান কৰে। 

বৰপেটাৰোড আঞ্চলিক ছাত্ৰ সন্থা সাধাৰণ সম্পাদক অৰ্ণব জ্যোতি শৰ্মা নেতৃত্বত যোৱা প্ৰায় অৰ্দ্ধ শতাধিক আছু কৰ্মীয়ে ১৮০৩ নং গনশক্তি এল পি স্কুলত আশ্ৰয় শিবিৰৰ প্ৰায় ১০০টা পৰিয়াল আৰু সন্তাবাৰী অঞ্চলৰ প্ৰায় ৮০ টা বানপীড়িত পৰিয়ালৰ মাজত চাউল, দাইল, চিৰা, বিস্কুট, মিঠাতেল মমবাটি, আলু, আদিৰ লগতে বিনামূলীয়া কৈ ঔষধ পাটিও প্ৰদান কৰে। বৰপেটাৰোড আঞ্চলিক ছাত্রসন্থাৰ এনে পদক্ষেপক সচেতন ৰাইজে প্ৰশংসা কৰিছে।