ধিংঃ টকাই যেন সকলো। টকাৰ বাবেই জীৱন। টকাৰ বাবেই মৃত্যু। টকাৰ বাবেই সৃষ্টি। টকাৰ বাবেই হত্যা। টকাৰ বাবেই নগাঁৱত সংঘটিত হ’ল এক অঘটন।

জিলাখনৰ জাজৰি থানাৰ অন্তৰ্গত ৰাইদঙীয়াত মাত্ৰ ৫০০০ টকাৰ বাবেই এজন লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত বাতৰি মতে, পিংকু নামৰ এজন যুৱকে ৰাণা নামৰ যুৱক এজনক ৫০০০ টকা ধাৰলৈ দিছিল।

বহু দিন ধৰি টকাখিনি ঘূৰাই নিদিয়াত পিংকুৱে বুধবাৰে দিনৰ ভাগত ফোনযোগে ৰাণাৰ সৈতে তৰ্কা-তৰ্কিত লিপ্ত হয়। নিশা বগাই দাস নামৰ লোক এজনৰ ঘৰত ধৰুৱা ৰাণাৰ সৈতে মুখামুখি হয় পিংকুৰ।

সেই সময়ত পিংকুৰ সৈতে পুষ্প নামৰ আন এজন লোকো আছিল। ধাৰ পৰিশোধ কৰাৰ সলনি ৰাণাই পিংকুক বেয়াকৈ গালি-গালাজহে কৰে। পিছত সেয়া কাজিয়ালৈ পৰ্যবসিত হয়।

৫০০০ টকা কোনো কাৰণতেই নিদিও বুলি কৈ ৰাণাই পিংকু নামৰ যুৱকজনক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰে। ফলত তেজেৰ লুতুৰি-পুতুৰি হৈ ঠাইতে ঢলি পৰে পিংকু।

পিছত স্থানীয় ৰাইজে পিংকুক ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যায়। বৰ্তমান চিকিৎসালয়ৰ বিছনাত মৃত্যুৰ সৈতে যুঁজি আছে পিংকুৱে।

ইফালে ঘটনা সংঘটিত কৰিয়েই সেই ঠাইৰ পৰা পলায়ন কৰে আক্ৰমণকাৰী ধৰুৱা ৰাণাই। অৱশ্যে ঘটনা সন্দৰ্ভত এতিয়ালৈকে ৰাণাৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চপা নাই পিংকুৰ পৰিয়াল।