
লংকাঃ হোজাই জিলাৰ লামডিং চহৰত মঙলবাৰে নিশা ৫-৬ জনীয়া গাঞ্জাসক্ত যুৱকৰ আক্ৰমণত কিশোৰীসহ দুগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ'বলগীয়া হোৱা ঘটনাই চহৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লামডিঙৰ শংকৰপল্লীত যোৱা নিশা সংঘটিত হয় এই আক্ৰমণৰ ঘটনা।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লামডিং আৰক্ষী থানাৰ অন্তৰ্গত শংকৰপল্লীৰ শিৱ মন্দিৰৰ চৌহদত স্থানীয় ৫-৬ জনীয়া এটি যুৱকৰ দলে নিতৌ গাঞ্জা সেৱন কৰি অশ্লীল গালি-গালাজেৰে পৰিৱেশ বিনষ্ট কৰি আহিছিল।
আন দিনাৰ দৰে মঙলবাৰৰ নিশাও যুৱকৰ দলটোৱে গাঞ্জা সেৱন কৰি নানা গালি-গালাজ পাৰি থকাৰ সময়তে অতিষ্ঠ হৈ স্থানীয় মহিলাই যুৱক কেইজনৰ এনে অসামাজিক কাৰ্যকলাপৰ বিৰোধিতা কৰি বাধা প্ৰদান কৰিবলৈ যায়।
এনেদৰে বাধা দিবলৈ যোৱাত নিচাসক্ত যুৱকৰ দলটোৱে খৰিৰে মহিলা কেইগৰাকীৰ মূৰত উপৰ্যুপৰি আক্ৰমণ কৰি পলায়ন কৰে। যুৱকৰ দলটোৰ দুই মহিলা ক্ৰমে শোভা চৰকাৰ(৬০) আৰু ৰাণী মণ্ডল (৬৫) গুৰুতৰ ভাৱে আহত হৈ মাটিত ঢলি পৰে। ঘটনাটোত লক্ষ্মী মণ্ডল নামৰ ১৩ বছৰীয়া কিশোৰী এগৰাকীও আহত হয়।
ইফালে, ঘটনাৰ খবৰ লাভ কৰা মাত্ৰকে ঘটনাস্থলীত লামডিং আৰক্ষী উপস্থিত হৈ মহিলা কেইগৰাকীক উদ্ধাৰ কৰি লামডিং চিকিৎসালয়ত ভৰ্তি কৰে। ঘটনা সংঘটিত কৰি পলাই যাবলৈ সক্ষম হোৱা যুৱকৰ দলটোক আটক কৰাৰ বাবে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও বাতৰি যুগুত কৰা সময়লৈকে কোনো এজনকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।